/asomiyapratidin/media/media_files/2025/10/27/whatsapp-image-2025-10-27-09-48-42.jpeg)
ডিজিটেল ডেস্কঃ শিলচৰ ইম্ফল ৰাষ্ট্ৰীয় ঘাইপথৰ কাছাৰৰ জুজাংত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা৷ স্কুটি আৰু আৰু বাইকৰ মুখামুখি সংঘৰ্ষত মৃত্যু হয় স্কুটী আৰোহী এগৰাকী যুৱতীৰ। মৃত যুৱতী গৰাকীৰ নাম ৰোজলিনা মাৰ। ঘৰ কাছাৰৰ জিৰিঘাট চাইৰন পুঞ্জীত।
জানিব পৰা মতে, আত্মীয়ৰ স্কুটিৰ পিছপিনে বহি যুৱতী গৰাকী ফুলেৰতলৰ পৰা জিৰিঘাট অভিমূখে যোৱাৰ সময়ত জুজাং অঞ্চলত সম্মূখৰ পৰা অহা এখন বাইকৰ সৈতে মুখামুখি সংঘৰ্ষ হয়। ভয়ংকৰ এই দুৰ্ঘটনাত ৰাজপথত বাগৰি পৰে স্কুটিত থকা যুৱতীসহ আৰু এক আৰোহী।
সেই সময়তে পিছ দিশৰ পৰা অহা এখন ট্ৰাকৰ চকাৰ তলত পৰি থিতাতে মৃত্যু হয় ৰোজলিনা মাৰৰ। এই দুৰ্ঘটনাটো ইমানে ভয়াবহ আছিলে যে, ট্ৰাক চকাৰ তলত পৰি যুবতী গৰাকীৰ দেহ দুই ভাগত বিভক্ত হৈ পৰিছিল।
ইফালে, ঘটনাৰ পাছত খৱৰ পাই দুৰ্ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। আৰক্ষী উপস্থিত হৈয়ে ক্ষতবিক্ষত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ কাৰণে শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us