/asomiyapratidin/media/media_files/2026/02/03/image-11-2026-02-03-16-25-54.png)
ডিজিটেল সংবাদ,শিলচৰঃ কাছাৰৰ বৰখলাত সংঘটিত মৰ্মান্তিক ঘটনা। এখন বালিভৰ্তি বাহনৰ খুন্দাত থিতাতে নিহত এটি ১২ বছৰীয়া শিশু। মঙ্গলবাৰে বৰখলাৰ জাৰাইলতোলা প্রথম খণ্ডত সংঘটিত হয় এই কৰুণ ঘটনাটো।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/03/whatsapp-image-2026-02-03-16-25-20.jpeg)
জাৰাইলতোলা গাঁৱৰ এঘৰলৈ বালি কঢ়িয়াই নিছিল বাহনখনে। এই দুৰ্ঘটনাত বাহনখনৰ চকাৰ তলত সোমাই যায় শিশুটি। ইফালে, দুৰ্ঘটনাৰ পাছত পলায়ন কৰে বাহনখনৰ চালকজনে। ঘটনাস্থলীত বৰখলা থানাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে SMC হাস্পতালয়লৈ প্ৰেৰণ কৰে। শিশুটিৰ মৃত্যুত শোকত ভাগি পৰিছে পৰিয়ালবৰ্গ।আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰি পলাতক চালকজনৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us