/asomiyapratidin/media/media_files/2025/12/05/409-2025-12-05-10-37-49.jpg)
ডিজিটেল সংবাদ, শিলচৰ : বৃহস্পতিবাৰে নিশা কাছাৰৰ সোণাই সমষ্টিৰ ৰাংগিৰঘাটত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। সোণাই পৌৰসভাৰ ৮ নং ৱাৰ্ডৰ ৰাংগিৰঘাটত সংঘটিত এই অগ্নিকাণ্ডত এটা পৰিয়ালৰ ঘৰ-বাৰী, সা সামগ্ৰী সকলো ভস্মীভূত হয়।
চামচুদ্দিন লস্কৰ নামৰ লোকজনৰ ঘৰত সংঘটিত এই বিধ্বংসী অগ্নিকাণ্ডত প্ৰায় সাত লাখ টকাৰ সা সম্পত্তি জুইত জাহ যায় বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত ঘৰত কোনো লোক নথকা বাবে কোনো লোক হতাহত হোৱা নাই।
ইফালে খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত সোণাই আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰে যদিও ইয়াৰ পুৰ্বেই পৰিয়ালটোৰ সকলো সা সম্পত্তি জুইত জাহ যায়। ঘৰটোত কোনো বিদ্যুৎ সংযোগ নাছিল যদিও কি কাৰণত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিল সেয়া জানিব পৰা হোৱা নাই। অৱশ্যে ঘৰত থকা দুটা চিলিণ্ডাৰত জুইৰ সূত্ৰপাত হোৱাত জুইৰ তীব্ৰতা যথেষ্ট বৃদ্ধি পোৱা বুলি সন্দেহ কৰা হৈছে।
অগ্নিকাণ্ডৰ ফলত সৰ্বাশ্ৰান্ত হোৱা চামচুদ্দিন লস্কৰৰ প্ৰায় সাত লক্ষাধিক টকাৰ সা সম্পত্তি নষ্ট হৈছে। সম্প্ৰতি মুকলি আকাশৰ তলত বসবাস কৰিব লগা হৈছে ক্ষুদ্ৰ তামোলৰ ব্যৱসায়ী চামচুদ্দিন লস্কৰ আৰু তেওঁৰ দুৰ্ভগীয়া পৰিয়ালটো।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us