/asomiyapratidin/media/media_files/2025/12/20/yugtyutyrt-2025-12-20-13-14-33.jpg)
ডিজিটেল সংবাদ, শিলচৰঃ বৰাক উপত্যকাক নিৰাপদ কৰিড'ৰ হিচাপে ব্যৱহাৰ কৰি সম্প্ৰতি বাৰ্মিজ চিগাৰেটৰ চোৰাং ব্যৱসায় আৰম্ভ কৰিছে একাংশ আন্তঃৰাষ্ট্ৰীয় চোৰাং ব্যৱসায়ীয়ে। ট্ৰাকত গোপন চেম্বাৰ সাজি কোটি কোটি টকাৰ বিদেশী চিগাৰেট সৰবৰাহ কৰে এই চক্ৰটোৱে। এইদৰে ম্যানমাৰৰ পৰা মিজোৰাম হৈ কাছাৰৰ মাজেৰে বহি ৰাজ্যলৈ সৰবৰাহৰ সময়ত কাছাৰত জব্দ হয় ২৫০ কাৰ্টুন বাৰ্মিজ চিগাৰেট।
গোপন তথ্যৰ ভিত্তিত গুমৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ মিলিৰ নেতৃত্বত আৰক্ষীৰ দল এটাই দিগৰখাল তালাচী চকীত তালাচী চলাই জব্দ কৰে এই বুজন পৰিমাণৰ বিদেশী চিগাৰেট। আৰক্ষীয়ে মিজোৰামত পৰা অহা MH 46 BM -4236 নম্বৰৰ কন্টেইনাৰ খনৰ গোপন চেম্বাৰত তালাচী চলাই জব্দ কৰে চিগাৰেট খিনি।
আৰক্ষীয়ে ২৫০টা কাৰ্টুনত মুঠ ৫০ হাজাৰ চিগাৰেট জব্দ কৰে। অবৈধ চিগাৰেট সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। ধৃত লোক দুজন গোৱালপাৰাৰ ম: চাজিদ আহমেদ আৰু ইদ্ৰিছ আলী বুলি সদৰী কৰিছে আৰক্ষীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us