বাংলাদেশত হিন্দুৰ ওপৰত আক্ৰমণৰ বিৰুদ্ধে চিলাপথাৰত প্ৰতিবাদ...

বাংলাদেশত দিপু চন্দ্ৰ দাস নামৰ নিৰীহ যুৱক জনৰ বৰ্বৰোচিত হত্যাকাণ্ড আৰু ধৰ্মীয় সংখ্যালঘু হিন্দুৰ ওপৰত আক্ৰমণৰ তীব্ৰ প্ৰতিবাদত চিলাপথাৰৰ বিভিন্ন সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। নগৰৰ

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
kdkdk

ডিজিটেল সংবাদ, চিলাপথাৰঃ বাংলাদেশত দিপু চন্দ্ৰ দাস নামৰ নিৰীহ যুৱক জনৰ বৰ্বৰোচিত হত্যাকাণ্ড আৰু ধৰ্মীয় সংখ্যালঘু হিন্দুৰ ওপৰত আক্ৰমণৰ তীব্ৰ প্ৰতিবাদত চিলাপথাৰৰ বিভিন্ন সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। নগৰৰ মাজ মজিয়াত সমৱেত হৈ সদৌ অসম বেংগলী যুৱ ছাত্ৰ ফেডাৰেচন,আগছু, টিএমপিকে,হাজং ছাত্ৰ সন্থা,অসম ভোজপুৰী পৰিষদ আৰু সংযুক্ত বড়ো গণ মঞ্চৰ যৌথ উদ্যোগত অৰ্ধস্ৰাধিক লোকে উলিয়ালৈ এক প্ৰতিবাদী সমদল। 

9147992e-ce3f-48ff-94ee-a367cf5a780e

হাতে হাতে "বাংলাদেশীৰ অত্যাচাৰ বন্ধ কৰক,হিন্দুৰ ওপৰত আক্ৰমণ নচলিব, মহম্মদ ইউনিছ মূৰ্দাবাদ, বাংলাদেশী মৌলবাদী নিপাত যাওঁক" আদি শ্লোগান লিপিবদ্ধ প্লেকাৰ্ড লৈ কঁপাই তোলে নগৰপথ। লগতে বাংলাদেশত সংখ্যালঘূ হিন্দুৰ উপৰত আক্ৰমণ অব্যাহত থাকিলে পৰিণাম বিষম হ'ব বুলি সকীয়াই দিয়ে। বাংলাদেশ দ্বিখণ্ডিত কৰি শীঘ্ৰে ভাৰতক হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণাৰ দাবীত জনায়। নগৰৰ মাজ মজিয়াত দাহ কৰে বাংলাদেশ প্ৰধানমন্ত্ৰী মহম্মদ ইউনুছৰ প্ৰতিকৃতি।

বাংলাদেশ