/asomiyapratidin/media/media_files/2025/11/05/ujjjdd-2025-11-05-17-25-05.jpg)
ডিজিটেল সংবাদ, চিলাপথাৰঃ আজি মালিনীপুৰ শতদল শাখা সাহিত্য সভাৰ উদ্যোগত শাখাৰ একাদশ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু দিৱসটি মাদুৰি পথাৰত দিনজোৰা কাৰ্য সূচীৰে অনুষ্ঠিত হয় ।কাৰ্যসূচী অনুসৰি সুধাকণ্ঠ ড° ভূপেন হাজৰিকা আৰু অসমীয়া হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে ধেমাজি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিনোদ কুমাৰ গগৈয়ে ।
মালিনীপুৰ শতদল শাখা সাহিত্য সভাৰ সম্পাদাক যোগ গগৈয়ে আঁত ধৰা অনুষ্ঠানটোত শাখা সভাপতি ৰুলী কোঁৱৰে সভাপতিত্ব কৰে । শ্ৰদ্ধাঞ্জলী অনুষ্ঠানটো জীৱন টায়েৰ এটি ভূপেন্দ্ৰ সংগীতেৰে শুভাৰম্ভ কৰে । সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ধেমাজি জিলা সাহিত্য সভাৰ কবি সন্মিলন উপ-সমিতিৰ কাৰ্যকৰী সভাপতি ভুবন দাস, চিলাপথাৰ শাখা সাহিত্য সভাৰ সভাপতি বিজয় কোঁৱৰ,ধেমাজি জিলা বিহু সুৰক্ষা সমিতিৰ কাৰ্যকৰী ধৰ্মেশ্বৰ চুতীয়া,মালিনীপুৰ শাখা সাহিত্য সভাৰ উপদেষ্টা প্ৰশান্ত চেতিয়াই ড° ভূপেন হাজৰিকাৰ ওপৰত বক্তব্য প্ৰদান কৰে ।
অনুষ্ঠানত অপৰাজিতা বৰ্মন আৰু বিনোদ কুমাৰ গগৈয়ে ভূপেন্দ্ৰ সংগীত,নৱজিৎ বৰুৱা,বৰষা দাস আৰু দীপিকা দাসে ভূপেন্দ্ৰ সংগীতৰ আধাৰত নৃত্য আৰু যোগ গগৈ,মঞ্জু দাস,সংগীতা উপাধ্যায় , চুনুমণি বৰুৱা আদিয়ে স্বৰচিত কবিতা পাঠ কৰি অনুষ্ঠানটো জীপাল কৰি তোলে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us