বহিঃৰাজ্যত কৰ্মৰত অসমৰ শ্ৰমিকৰ মৃত্যু...

কৰ্মসংস্থাপনৰ অভাৱত বহিঃ ৰাজ্যত কর্মসংস্থাপন বিচাৰি যোৱা বহুতো অসমীয়া যুৱকে অকালতে মৃত্যু সাৱটি ল'বলগীয়া হৈছে । কোনো হয়তো হত্যাৰ বলি হৈছে আনহাতে কোনোবাই ৰোগত পৰি চিকিৎসা তথা

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
hdjjd

ডিজিটেল সংবাদ, চিলাপথাৰঃ কৰ্মসংস্থাপনৰ অভাৱত বহিঃ ৰাজ্যত কর্মসংস্থাপন বিচাৰি যোৱা বহুতো অসমীয়া যুৱকে অকালতে মৃত্যু সাৱটি ল'বলগীয়া হৈছে । কোনো হয়তো হত্যাৰ বলি হৈছে আনহাতে কোনোবাই ৰোগত পৰি চিকিৎসা তথা পৰিচৰ্য্যাৰ অভাৱত কৰুণ মৃত্যুক সাৱটি ল'বলগীয়া হৈছে ।

তেনে এক কৰুণ মৃত্যুৰ ঘটনাই সমগ্ৰ চিচিবৰগাঁও অঞ্চলতে শোকৰ ছাঁ পেলাইছে । ঘটনাৰ বিৱৰণী অনুসৰি চিচিবৰগাঁও ৰাজহ চক্ৰৰ অধীনৰ কেৰেকনি মাজগাঁৱৰ পূৰ্নকান্ত দিহিঙ্গীয়াৰ পঁচিশ বছৰীয়া পুত্ৰ লক্ষ্যজিত দিহিঙ্গীয়া বিগত প্ৰায় তিনিমাহ ধৰি কেৰেলাৰ কতেম জিলাত থকা এটা কোম্পানীত কৰ্মৰত হৈ আছিল ।

 শুকুৰবাৰে দিনৰ প্ৰায় এঘাৰ বজাত পৰিয়ালৰ লগত ফোনযোগে কথা বতৰাও গৈছিল লক্ষ্যজিতৰ । ফোনত তেওঁৰ জ্বৰ উঠিছে গতিকে কামলৈ নগৈ চিকিৎসালয়লৈ যোৱাৰ কথা জনাইছিল। কিন্তু তাৰ পিছৰেপৰা পৰিয়ালৰ লোকে লক্ষজিতক ফোনত নাপাই শংকিত হৈ পৰাত লগতে কাম কৰা গাঁৱৰে এজন যুৱকক কথাটো জনায় । যুবকজনে প্ৰায় তিনি মান বজাত লক্ষজিতৰ কোঠালৈ গৈ বিচনাতে মৃত অৱস্থাত প্ৰত্যক্ষ কৰে লক্ষ্যজিতৰ নিঠৰ দেহ ।

সৰল, অমায়িক যুবকজনৰ এনে আকস্মিক বিয়োগত ভাঙি পৰিছে পৰিয়ালটোৰ লগতে সমগ্ৰ অঞ্চলটো । কান্দোনৰ ৰোল উঠিছে পৰিয়ালৰ মাজত । উপাৰ্জনক্ষম পুত্ৰৰ এই আকস্মিক মৃত্যুত অন্ধকাৰ দেখিছে দৰিদ্ৰ পৰিয়ালটোৱে । চৰকাৰে এককালীন সাহাৰ্য আগবঢ়াই পৰিয়ালটোক সকাহ দিবলৈ চৰকাৰক আহবান জনাইছে স্থানীয় ৰাইজে ।

ধেমাজি