চিলাপথাৰত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য...

চিলাপথাৰত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য,হত্যাৰ সন্দেহ পৰিয়ালৰ।  চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত বালিগাঁৱত কালি এজন যুৱকৰ মৃতদেহ উদ্ধাৰৰ ঘটনাকলৈ অব্যাহত আছে তীব্ৰ চাঞ্চল্য। 

author-image
Asomiya Pratidin
New Update
yhhdd

ডিজিটেল সংবাদ, চিলাপথাৰঃ  চিলাপথাৰত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য,হত্যাৰ সন্দেহ পৰিয়ালৰ।  চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত বালিগাঁৱত কালি এজন যুৱকৰ মৃতদেহ উদ্ধাৰৰ ঘটনাকলৈ অব্যাহত আছে তীব্ৰ চাঞ্চল্য।  মৃতদেহটো ২ নং চিলাগাঁওৰ  জানকী দেৱ নাথৰ বছৰীয়া পুত্ৰ জয়ন্ত দেৱ নাথৰ (২১)।

জানিব পৰা মতে, কালি সন্ধিয়া গাঁৱৰে কোনো সমনীয়াৰ লগত ফুৰিবলৈ বুলি ঘৰৰ পৰা ওলাই যোৱা যুৱকজন মৃত অৱস্থাত নিশা প্ৰায় ৯.৩০ বজাত চিলা জনজাতী হাইস্কুলৰ সমীপৰ পথৰ দাঁতিত উদ্ধাৰ হ'ল। পৰিয়াল লোকে লগে লগে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি চিলাপথাৰ থানালৈ লৈ আহে।

পৰিয়ালৰ লোকো দাবী কৰা মতে জয়ন্তক পৰিকল্পিত ভাৱে হত্যা কৰিছে। ঘটনাৰ শীঘ্ৰে তদন্ত চলাই দোষীক গ্ৰেপ্তাৰৰ দাবী জনাইছে মৃতকৰ পৰিয়ালে।

চিলাপথাৰ