/asomiyapratidin/media/media_files/2025/10/12/hghgfhghghghghgh-2025-10-12-17-44-58.jpg)
ডিজিটেল সংবাদ, চিলাপথাৰঃ অসমীয়াৰ হিয়াৰ আঁমঠু শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুক লৈ আজিও অস্থিৰ হৈ আছে অসমবাসী। শিল্পীজনৰ পবিত্ৰ আত্মাৰ সদগতি কামনাৰে আজি চিলাপথাৰৰ গেলুৱা কেন্দুগুৰিত যুৱ সমাজৰ উদ্যোগত অনুষ্ঠিত হ'ল ৰাজহুৱা আদ্যশ্ৰাদ্ধ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/12/captureggfgfg-2025-10-12-17-45-48.jpg)
জুবিনে ভাল পাইছিল নাহৰ। সেয়ে নাহৰ গছৰ পুলি ৰোপণ কৰি কাৰ্যসূচী শুভাৰম্ভ কৰিলে ৰাইজে। তাৰপাছতে জুবিনৰ প্রতিচ্ছবিত জনালে গভীৰ শ্ৰদ্ধাঞ্জলি।
ইফালে, বিয়লি জনতাৰ শিল্পী জুবিন গাৰ্গৰ আত্মাৰ চিৰ শান্তিৰ কামনাৰে অনুষ্ঠিত হয় নাম প্ৰসংগ। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ শীঘ্ৰে বিচাৰ সম্পন্ন কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনালে উপস্থিত ৰাইজে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us