/asomiyapratidin/media/media_files/2026/03/08/1-2026-03-08-16-04-43.jpg)
ডিজিটেল ডেস্কঃ উখল-মাখল পৰিৱেশ চিচিবৰগাঁও ধূনাগুৰি কলিতা গাঁৱত । সমাজৰ পৰা অসুয়া অপ্ৰীতি নাশি কুশল মংগল কামনাৰে ৭ দিনীয়াকৈ ধূনাগুৰি কলিতা গাঁৱত ৰাইজে আয়োজন কৰিছে এই বিশাল অনুষ্ঠান।
ধূনাগুৰি বৰনামঘৰত আয়োজিত অনুষ্ঠানৰ বাবে পুৱাৰ পৰাই দেখা যায় এক উখল-মাখল পৰিৱেশ। পতাকা উত্তোলনৰ পাছতে বিভিন্ন ক্ষেত্ৰত জৰিত অৰ্ধশতাধিক ব্যক্তিৰ চিৰশান্তি কামনাৰে জনোৱা হ'ল শ্ৰদ্ধাঞ্জলি। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আত্মাৰ চিৰমুক্তি কামনা কৰি ৰাইজে অৰ্পন কৰিলে গভীৰ শ্ৰদ্ধা।ইয়াৰ পাছতে আৰম্ভ হয় হৰিনামৰ প্ৰসংগ।
/asomiyapratidin/media/post_attachments/a451a136-c6f.png)
নাম প্ৰসংগত ভাগ ল'লে যুৱকৰ পৰা বহু বয়স্ক ব্যক্তি লৈকে।সুললিত নাম ৰসাস্বাধন কৰি আপ্লুত হৈ পৰিল। ভক্তি ভাৱত গদ গদ হৈ পৰিল ভক্তপ্ৰাণ ৰাইজ। অপায় অমংগল নাশি শান্তি সমৃদ্ধি বিচাৰি অষ্টাংগে সেৱা। সাত দিনীয়া অনুষ্ঠানত নিশা আমন্ত্ৰিত শিল্পী দলে পৰিৱেশন কৰিব ভক্তি। ইপিনে পৰিৱেশন কৰিব কেবাখনো জনপ্ৰিয় ভাওনা।
/asomiyapratidin/media/post_attachments/88c3bb91-ee0.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us