শিক্ষাবিদ ৰসাল কছাৰীলৈ শ্ৰদ্ধাঞ্জলি, স্মৃতিগ্ৰন্থ "গুণসিন্ধু" উন্মোচন

চিলাপথাৰ মেছু কছাৰী গাঁও নিবাসী বিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত শিক্ষাবিদ ৰসাল কছাৰীৰ বিগত ২২ অক্টোবৰত বিয়োগৰ ঘটে।

author-image
Asomiya Pratidin
New Update
DWEWR3

ডিজিটেল সংবাদ, চিলাপথাৰঃ চিলাপথাৰ মেছু কছাৰী গাঁও নিবাসী বিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত শিক্ষাবিদ ৰসাল কছাৰীৰ বিগত ২২ অক্টোবৰত বিয়োগৰ ঘটে। দেওবাৰে পবিত্ৰ আদ্যশ্ৰাদ্ধৰ দিনটোত ৰাইজে ৰসাল কছাৰীলৈ নিবেদন‌ কৰিলে গভীৰ শ্ৰদ্ধাঞ্জলি। শিক্ষাবিদ গৰাকীৰ প্ৰতিকৃতিত মাল্যাৰ্পন কৰে অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰূপেশ্বৰ শইকীয়াই।

আনহাতে, ৰসাল কছাৰীৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি জনোৱা হ'ল মৌন প্ৰাৰ্থনা। অৱসৰপ্ৰাপ্ত অধ্যক্ষ ধীৰেন গগৈৰ সঞ্চালনাত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আঁতধৰে সহকাৰী অধ্যাপক নন্দেশ্বৰ কছাৰীয়ে। তেওঁৰ কৰ্মময় জীৱন গুণানুকীৰ্তন কৰি উন্মোচন কৰা হ'ল "গুণসিন্ধু" নামৰ এক স্মৃতিগ্ৰন্থ। স্মৃতি গ্ৰন্থখনৰ উন্মোচক হিচাপে উপস্থিত থাকে গকুল শইকীয়া।‌ 

এই অনুষ্ঠানতে খ্ৰীং খ্ৰীং বাইথ' মন্দিৰ তৰফৰ পৰা প্ৰদান কৰা হয় এক শোক বাৰ্তা। গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটোত ৰাইজৰ সৈতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

চিলাপথাৰ