চিলাপথাৰত সদৌ অসম মটৰ শ্ৰমিক ফেডাৰেশ্যনৰ সংবাদমেল

সদৌ অসম মটৰ শ্ৰমিক ফেডাৰেশ্যনে দেওবাৰে সন্ধিয়া চিলাপথাৰত এখন সংবাদ মেল অনুষ্ঠিত কৰে।

author-image
Asomiya Pratidin
New Update
SILAPAPOA

ডিজিটেল সংবাদ, চিলাপথাৰঃ সদৌ অসম মটৰ শ্ৰমিক ফেডাৰেশ্যনে দেওবাৰে সন্ধিয়া চিলাপথাৰত এখন সংবাদ মেল অনুষ্ঠিত কৰে। মটৰ শ্ৰমিকসকলে সন্মুখীন হৈ অহা বিভিন্ন সমস্যা সমাধানৰ বাবে চৰকাৰৰ ওচৰত বহুবাৰ আৱেদন-নিবেদন কৰিও চৰকাৰৰ সদিচ্ছাৰ অভাৱৰ বাবে মটৰ শ্ৰমিকসকলে বহুতো সমস্যাৰ মাজৰে কাম কৰি থাকিবলগীয়া হৈছে। 

অসম চৰকাৰে গ্ৰহণ কৰা মটৰ পৰিবহন শ্ৰমিক সুৰক্ষা আইনখন শীঘ্ৰে কাৰ্যকৰী কৰা,  চালকৰ বাবে বিপদজনক মটৰ ভেহিক'ল (সংশোধনী) আইন ২০১৯ অতি শীঘ্ৰে বাতিল কৰা,  ভৰতীয় ন্যায় সংহিতাৰ হিট এণ্ড ৰাণ বুলি জনাজাত ১০৬ (খ) ধাৰা বাতিল কৰা, শ্ৰমিক বিৰোধী শ্ৰম কোড বাতিল কৰা আদি বিভিন্ন সমস্যা সমাধানৰ দাবীত অহা ১২ ফেব্ৰুৱাৰীত সংগঠনটোৱে ২৪ ঘণ্টীয়া চকা বন্ধৰ আহ্বান কৰিছে ।

চকাবন্ধৰ সময়ত এম্বুলেন্স, পৰীক্ষা আৰু জৰুৰীকালীন সেৱা সমূহ বন্ধৰ পৰা ৰেহাই দিয়া বুলি তেওঁলোকে সংবাদ মেলৰ জৰিয়তে জানিবলৈ দিয়ে। সংবাদ মেলখনত সদৌ অসম মটৰ শ্ৰমিক ফেডাৰেশ্যনৰ সম্পাদক জোন সোণোৱাল, সদৌ অসম কমাৰ্চিয়েল পৰিবহন সন্থাৰ সম্পাদক ৰঞ্জন গগৈ,  মটৰ শ্ৰমিক ফেডাৰেশ্যনৰ ধেমাজি জিলাৰ উপদেষ্টা কিৰণ গগৈ,চিলাপথাৰ মেক্সিকেৱ সন্থাৰ সম্পাদকৰ গোবিন হাজৰিকাকে ধৰি সংগঠনটোৰ বহুকেইগৰাকী কেন্দ্ৰীয় আৰু জিলা পৰ্য্যায়ৰ বিষয়ববীয়া উপস্থিত থাকে ।

চিলাপথাৰ