/asomiyapratidin/media/media_files/2025/10/15/hjgvyderfgh-2025-10-15-20-23-48.jpg)
ডিজিটেল সংবাদ, চিলাপথাৰঃ চিলাপথাৰ থানাৰ অন্তৰ্গত ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথত (খ) মঙলবাৰে সংঘটিত ভয়ানক পথ দুৰ্ঘটনাত নিহত আৰক্ষী জোৱান অৰূপ সোণোৱালৰ আজি শেষকৃত্য সম্পন্ন হয়।চিলাপথাৰ মেচু নলনিপাম নিবাসী মদন সোণোৱালৰ পুত্ৰ তথা দ্বিতীয় অসম আৰক্ষী বাহিনীৰ জোৱান অৰূপ সোণোৱাল (৪০) তিনিচুকীয়াত কৰ্মৰত হৈ আছিল।
ঘৰুৱা কামৰ বাবে পাঁচদিনৰ চুটি লৈ কালি কুলাজান- বগীবিল পথেৰেৰে এখন গ্লেমাৰ বাইকৰে ঘৰলৈ আহি আছিল। পিছে পথচোৱাৰ টঙানি অংশত এখন ডাম্পাৰে খুন্দিয়াই থৈ যায় যুৱক জনক। ঘটনা সংগটিত কৰিয়ে পলায়ন কৰে ডাম্পাৰখন।
ইপিনে বুধবাৰে বিয়লি মৰণোত্তৰ পৰীক্ষাৰ পিছতে নিজা ঘৰত উপস্থিত হয় অৰুপৰ নিথৰ মৃতদেহ। অঞ্চলটোৰ এজন সৰবৰাহ আৰু অমায়িক লোক হিচাপে পৰিচিত যুৱকজনৰ অকাল মৃত্যুত শোকবিহ্বল হৈ পৰে ৰাইজ। ঘৰৰ একমাত্ৰ উপাৰ্জনক্ষম লোকজনক অকলতে হেৰুৱাই হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় পৰিয়ালটোৰ মাজত। কান্দোনত ভাগি পৰিছে পৰিয়ালৰ লগতে অজস্ৰ গুণমুগ্ধ।
আনহাতে, সন্ধিয়া বহু গুণমুগ্ধ ৰাইজৰ উপস্থিতিত সম্পন্ন কৰা হয় শেষকৃত্য। পুষ্পমাল্য অৰ্পন কৰি শেষ শ্ৰদ্ধা যাচিলে আৰক্ষী বাহিনীৰ লোকে। দুৰ্ভগীয়া পৰিয়ালটোক প্ৰয়োজনীয় সাহায্য আগবঢ়াই উপকৃত কৰিবলৈ ৰাইজে চৰকাৰৰ প্ৰতি ৰাইজে কাতৰ প্ৰাৰ্থনা জনাইছে।