বহিঃৰাজ্যত সন্ধানহীন অসমৰ যুৱক

বহিঃৰাজ্যত সন্ধানহীন হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। কোনো সম্ভেদ উলিয়াব নোৱাৰাত হাহাকাৰ পৰিস্থিতিৰ মুনিনৰ পৰিয়ালৰ মাজত । তাৰোপৰি যদি কোনো লোকে সম্ভেদ পায় দুয়োৰে তেন্তে 7635846496 নম্বৰৰ ফোনত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ  লোকে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, চিলাপথাৰঃ কৰ্মসংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ যোৱা আসমীয়া যুৱক সন্ধানহীন হোৱাৰ বাতৰি সঘনাই প্ৰচাৰ হৈ আহিছে। পুনৰ বহিঃৰাজ্যত নিখোজ এজন অসমীয়া যুৱক। চিলাপথাৰ আৰক্ষী থানৰ অন্তৰ্গত নিলখপুৰৰ এজন যুৱক বহিঃৰাজ্যত সন্ধানহীন হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

 নিলখপুৰ গাঁৱৰ মুনিন দত্তই আন এজন বন্ধুৰ সৈতে কৰ্ম সংস্থাপনৰ বাবে যোৱা শনিবাৰে ঘৰৰ পৰা ৰে'লেৰে কেৰালালৈ বুলি ৰাওনা হৈছিল। তেওঁলোক সোমবাৰে গৈ তামিলনাডু পাইছিল। কিন্তু কিবা কথাত মুনিনৰ লগত ৰে'লৰ ভিতৰতে তামিলনাডুৰ এজন যাত্ৰীৰ বিবাদ হয়।

মুনিনক মাৰিবলৈ খেদি নিয়াৰ বাবে তামিলনাডুৰ চালেম নামৰ যুৱকজন জংচনত নামি দিয়ে। নমাৰ কিছু সময়লৈকে পৰিয়ালৰ লগত মুনিনৰ যোগাযোগ আছিল যদিও দুপৰীয়াৰ পৰা পৰিয়ালৰ লোকৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ পৰে। তেতিয়াৰে পৰা চুইচ অফ মুনিনৰ মোবাইল।

উল্লেখ্য যে, মুনিনৰ লগত যোৱা লোকজনৰ লগতো কোনো যোগাযোগ কৰিব নোৱাৰি শংকিত হৈ পৰিছে মুনিনৰ পৰিয়ালবৰ্গ । ৰে'লৱে আৰক্ষীৰ ওচৰত নিৰুদ্দেশ সম্পৰ্কীয় এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে । 

আনফালে আৰক্ষীয়েও বৰ্তমানলৈকে কোনো সম্ভেদ উলিয়াব নোৱাৰাত মুনিনৰ পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি  হৈছে। তাৰোপৰি যদি কোনো লোকে দুয়োৰে সম্ভেদ পাই তেন্তে ৭৬৩৫৮৪৬৪৯৬ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ  লোকে ।  

যুৱক সন্ধানহীন অসম