চিলাপথাৰৰৰ কাৰেং চাপৰিত দশম সংখ্যক মিচিং যুৱ মহোৎসৱৰ লাইখুঁটা স্থাপন

মহোৎসৱত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-04 at 5.20.20 PM

ডিজিটেল সংবাদ,চিলাপথাৰঃ চিলাপথাৰৰৰ কাৰেং চাপৰিত উদুলি-মুদুলি পৰিৱেশ। দশম সংখ্যক মিচিং যুৱ মহোৎসৱৰ লাইখুঁটা স্থাপন ৷ অহা ৭ জানুৱাৰীৰ পৰা চাৰিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব দশম সংখ্যক মিচিং যুৱ মহোৎসৱ। 

উল্লেখ্য যে, মহোৎসৱত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। মিচিং জনগোষ্ঠীৰ যুৱ মহোৎসৱৰ জৰিয়তে জনগোষ্ঠীটোক আৰ্থ-সামাজিক, শৈক্ষিক আৰু সাংস্কৃতিক দিশত আগুৱাই নি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকি কৰাই দিয়া মূল লক্ষ্য বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে। ইপিনে এই অনুষ্ঠানত উপস্থিত থাকিব বহু বিশিষ্ট লোক। 

চিলাপথাৰ