/asomiyapratidin/media/media_files/2026/03/01/new-ap-web-11-1g-2026-03-01-20-04-45.jpg)
ডিজিটেল সংবাদ,চিলাপথাৰঃ চিলাপথাৰৰমেচাকি টঙানিৰ "ডাক্তৰ বাবু" ৰূপে খ্যাত অভিৰাম দলেৰ স্মৃতিত উন্মোচন কৰা হয় এখন স্মৃতিগ্ৰন্থ। লগতে উন্মোচন কৰে এটা প্ৰতিমূৰ্তি। নাৰায়ন য়াবৰি ক্ষেত্ৰত অৱসৰপ্ৰাপ্ত সমবায় বিষয়া নীলাম্বৰ দত্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উন্মোচনী সভাৰ আঁত ধৰে স্মৃতিগ্ৰন্থৰ সম্পাদক ধৰণীধৰ দলেই।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/03/01/whatsapp-ima-2026-03-01-20-05-04.jpeg)
সমূহীয়া প্ৰাৰ্থনাৰ পাছতে অভ্যাগত সকলক সম্বৰ্ধনা জনায় প্ৰয়াত অভিৰাম দলেৰ পুত্ৰ বিক্ৰম দলে আৰু পৰিয়াল বৰ্গই। ইয়াৰ পাছতে দলেৰ প্ৰতিমূৰ্তি উন্মোচন কৰে MAC'ৰ কাৰ্যবাহী সদস্য জ'হান দলেই। অভীৰাম দলেৰ জীৱন আৰু আদৰ্শৰ ওপৰত ৰচিত বহু বিশিষ্ট ব্যক্তিৰ লিখনিৰে সমৃদ্ধ স্মৃতিগ্ৰন্থৰ উন্মোচক হিচাপে উপস্থিত থাকে প্ৰত্নতত্ববিদ,সাহিত্যিক ভাষাবিদ ভাস্কৰ বৰদলৈ।
১৯৩৫ চনত জন্ম হোৱা প্ৰয়াত অভিৰাম দলে আছিল এজন প্ৰখ্যাত গ্ৰাম্য চিকিৎসক তথা বিশিষ্ট সমাজ হিতৈষী। চিকিৎসকৰ আনুষ্ঠানিক শিক্ষা নাথাকিলেও সৰু বৰ ৰোগৰ ওপৰত তেওঁৰ আছিল দখল। এসময়ত যাতায়াত বিধস্ত মেচাকী টঙানি অঞ্চলত লোকজন আছিল দুখীয়াৰ বন্ধু আৰু ৰোগীৰ বাবে এজন দেৱদূত সদৃশ ব্যক্তি। দিবা-নৈশ বুলিবলৈ কথা নাই।কাৰোবাৰ কোনো ৰোগত আক্ৰান্ত হোৱাৰ খবৰ পালেই পদব্ৰজে গৈ হ'লেও আৰ্জিত অভিজ্ঞতা আৰু জ্ঞানেৰে প্ৰাৰ্যমানে আগবঢ়াইছিল চিকিৎসা সেৱা। ৰাইজৰ বাবে জীৱন উচৰ্গা কৰা সৰ্বজন সমাদৃত অমায়িক ব্যক্তিজনক ৰাইজে "ডাক্তৰ বাবু" বুলি সম্বোধন জনাইছিল। অনুষ্ঠানত মাখন কামান কুলি,বিনোদ দাৱ,চাৰু চন্দ্ৰ দলে,শুভকান্ত ৰেগণ,হেম চন্দ্ৰ মিলি,মণিকান্ত কুলি,ৰবি গগৈ,বলীন বৰগোহাঁই আদি বহু শিল্পী শিক্ষাবিদ আৰু সমাজ কৰ্মী আদি বিশিষ্ট ব্যক্তি উপস্থিত থাকি অনুষ্ঠানৰ শোভাৱৰ্ধন কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/03/01/whatsapp-2026-03-01-20-05-39.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us