/asomiyapratidin/media/media_files/2026/02/14/3-2026-02-14-20-12-54.jpg)
ডিজিটেল ডেস্কঃ যুদ্ধক্ষেত্ৰলৈ পৰিণত চিলাপথাৰৰ এটা পৰীক্ষা কেন্দ্ৰ। কেন্দ্ৰটো হ'ল চিলাপথাৰ অকাজান জনজাতি ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা কেন্দ্ৰ। জানিব পৰা মতে, আজি কেন্দ্ৰটোত অনুষ্ঠিত হোৱা অসমীয়া বিষয়ৰ পৰীক্ষাৰ অন্ত পৰিবলৈ প্ৰায় ১০ মিনিট বাকী থকা অৱস্থাতে কেন্দ্ৰত নিয়োজিত বহিঃ নিৰীক্ষকে এগৰাকী ছাত্ৰীক অসৎ উপায় অৱলম্বন কৰাৰ অভিযোগত বহিষ্কাৰ কৰে। লাজে অপমানৰে জৰ্জৰিত ছাত্ৰী গৰাকীয়ে বিদ্যালয়ৰ সন্মুখেদি ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে যোৱা এখন তীব্ৰ বেগী গাড়ীৰ আগত জপিয়াই আত্মহননৰ চেষ্টা চলায়।
/asomiyapratidin/media/post_attachments/5c80b64e-b20.png)
বিয়লি পৰীক্ষা অন্ত পৰাৰ পাছতেই উত্তপ্ত হৈ পৰে পৰিৱেশ। একাংশ উদণ্ড ছাত্ৰই ঘেৰাও কৰে বহিঃ নিৰীক্ষকক। দীৰ্ঘ সময় ধৰি আৱদ্ধ কৰি ৰাখে দুজনকৈ বহিঃ নিৰীক্ষকক। বহিঃ নিৰীক্ষকক উত্তম মাধ্যম সোধোৱাৰ লগতে শিল নিক্ষেপ কৰি বিদ্যালয়ৰ আচবাব অনিষ্ট সাধন কৰে। ইপিনে প্ৰচণ্ড শিলাবৰ্ষণত আহত হয় আৰক্ষীৰ লগতে বহু লোক।
উল্লেখ্য যে, ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ কোনোমতে প্ৰাণ ৰক্ষা কৰি উদ্ধাৰ কৰিবলৈ সক্ষম হয় বহিঃনিৰীক্ষকক। অনাকাংক্ষিত ঘটনাৰ বাবে দুঃখ প্ৰকাশ কৰি ঐতিহ্য মণ্ডিত বিদ্যালয়খনৰ আচবাব বিনষ্ট কৰাক লৈ সচেতন মহলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ছাত্ৰ-ছাত্ৰীসকলক সংযম হ'বলৈ আহ্বান জনায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us