চিলাপথাৰত চিলাৰায় দিৱস উদযাপন

আজি বীৰ চিলাৰায় দিৱস। সদৌ অসম কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ ধেমাজি আৰু ডিব্ৰুগড় জিলাৰ যৌথ উদ্যোগৰ আৰু মাজৰবাৰী আঞ্চলিকৰ সহযোগত অনুষ্ঠিত  হয় ৫১৬ তম্ কেন্দ্ৰীয় বীৰ চিলাৰায় দিৱস।

author-image
Asomiya Pratidin
New Update
new ap web 3.jpg (1)

ডিজিটেল ডেস্কঃ আজি বীৰ চিলাৰায় দিৱস। সদৌ অসম কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ ধেমাজি আৰু ডিব্ৰুগড় জিলাৰ যৌথ উদ্যোগৰ আৰু মাজৰবাৰী আঞ্চলিকৰ সহযোগত অনুষ্ঠিত হয় ৫১৬ তম্ কেন্দ্ৰীয় বীৰ চিলাৰায় দিৱস। পুৱাৰ কাৰ্য্যসূচী অনুসৰি পতাকা উত্তোলন কৰে ক্ৰমে আক্ৰাছুৰ ধেমাজি জিলা সভাপতি বাদল বৰ্মনৰ লগতে দিগন্ত শইকীয়া, গোলাপী সিংহ,জুনু দত্ত আদি আক্ৰাছু আৰু কোঁচ ৰাজবংশী মহিলা সমিতিৰ কৰ্মকৰ্তাই। সেইদৰে আক্ৰাছুৰ ধেমাজিৰ সম্পাদক যাদৱ মেধীয়ে শ্বহীদ তৰ্পণ আৰু বীৰ চিলাৰায়ৰ প্ৰতিকৃতি মাল্যাৰ্পন কৰে পতিত পাৱন ৰাজবংশীয়ে।

বিয়লি আক্ৰাছুৰ কাৰ্যকৰী সভাপতি প্ৰাঞ্জল ৰয়ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত আক্ৰাছুৰ সভাপতি দ্বীপেন ৰায়, সাধাৰণ সম্পাদক অৰবিন্দ দাসৰ লগতে বিভিন্ন সংগঠনৰ নেতা কৰ্মী,শিক্ষাবিদ,বিশিষ্ট সমাজকৰ্মীকে আদি কৰি বহু লোক উপস্থিত থাকে।

উল্লেখ্য যে,কোঁচ ৰাজবংশী উন্নয়ন পৰিষদ নিস্কৰ্মা আৰু দুৰ্নীতিগ্ৰস্থ বুলি তীব্ৰ সমালোচনা কৰি কোঁচ ৰাজবংশী সকলৰ উন্নয়নৰ বাবে গঠিত পৰিষদখন শীঘ্ৰে ভংগৰ দাবী জনোৱাৰ লগতে নিৰ্বাচনৰ পূৰ্বে কোঁচ ৰাজবংশীৰ সকলো সমস্যা সমাধানৰ লগতে ছয় জনগোষ্ঠীক জনজতীকৰণ নকৰিলে সমাগত নিৰ্বাচনত বিজেপিক উৎখাত কৰাৰ হুংকাৰ দিলে সংগঠনটোৰ সাধাৰণ সম্পাদক অৰবিন্দ দাসে। ইপিনে উন্নয়নৰ নামত বিজেপিৰ ললীলপ আৰু নচলিব। এইবাৰ নিৰ্বাচনত দলটোক বাৰুকৈ এসেকা দিয়া হ'ব। বিশেষকৈ জোনাই সমষ্টিত বিজেপিক উৎখাত কৰাৰ স্বাৰ্থত ইতিমধ্যে বিকল্প প্ৰাৰ্থী পৰ্যন্ত ৰাইজে বাচি ৰাখিছে বুলি সদৰি কৰি বিজেপিৰ দলৰ সাম্ভাব্য প্ৰাৰ্থীক সঁকীয়াই দিলে সংগঠনটোৰ নেতাই ।ডিব্ৰুগড় আৰু ধেমাজি জিলাৰ বিভিন্ন আঞ্চলিকৰ অৰ্ধশতাধিক সংস্কৃতিক দলে প্ৰদৰ্শন কৰা পৰম্পৰাগত কৃষ্টি-সংস্কৃতিয়ে অনন্য কৰি তোলে পৰিৱেশ।

চিলাপথাৰ