/asomiyapratidin/media/media_files/2026/01/25/1-2026-01-25-17-19-50.jpg)
ডিজিটেল সংবাদ,চিলাপথাৰঃ সংযুক্ত বড়ো গণ মঞ্চ চমুকৈ ইউবিপিঅৰ দ্বাদশ বাৰ্ষিক বছৰেকীয়া অধিৱেশন অহা ৩০,৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰীত জোনাই সমজিলাৰ সানজাৰি নৌগৰৰ চিমেন চাপৰিত আয়োজন কৰিছে। অধিৱেশনৰ প্ৰথম দিনা পুৱা ৭ বজাত স্বচ্ছতা অভিযান।পুৱা ৭-৩০ অতিথিশালা উদ্ধোধন কৰিব ধেমাজি জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিতুপন নেওগে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/25/whatsapp-image-2-2026-01-25-17-25-46.jpeg)
পুৱা ৮ বজাত হেদুল খেৰকটাৰী সোঁৱৰণী স্বেচ্ছাসেৱী শিৱিৰ মুকলি কৰিব জোনাই মহকুমা আৰক্ষী বিষয়া ঋতুপৰ্ণ গগৈয়ে। পুৱা ৮-৩০ বজাত মূল তোৰণ উদ্ধোধন কৰিব ধেমাজি জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়ে। পুৱা ৯ বজাত কমল বসুমতাৰী সোঁৱৰণী ভোজনালয় মুকলি কৰিব জোনাই সমজিলাৰ আয়ুক্ত আনন্দ মালহোত্ৰায়ে।
পুৱা ৯-৩০ বজাত সুবোধ বসুমমতাৰী সোঁৱৰণী প্ৰতিনিধি শিৱিৰ উদ্ধোধন কৰিব চিমেন-চিচিটঙানি আঞ্চলিক পঞ্চায়তৰ সভাপতি ৰঞ্জিত পেগুয়ে। পুৱা ১০ বজাত ৰামেশ্বৰ ৰামচিয়াৰী সোঁৱৰণী মূল মণ্ডপ উদ্ধোধন কৰিব সাংসদ প্ৰদান বৰুৱাই।পুৱা ১০-৩০ বজাত প্ৰতিনিধি সভাগৃহ উদ্ধোধন কৰিব এছ বি বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সোণেশ্বৰ বসুমমতাৰীয়ে।পুৱা ১১ বজাত সাংস্কৃতিক শিৱিৰ উদ্ধোধন কৰিব এবছুৰ সম্পাদক বডোছা ব্ৰহ্মই।দুপৰীয়া ১২ বজাত প্ৰতিনিধি পঞ্জীয়ন।
দুপৰীয়া ১২-৩০ গোবিন্দ বসুমতাৰী সোঁৱৰণী ভলীবল প্ৰতিযোগিতাৰ উদ্ধোধন কৰিব ধেমাজি জিলা ক্ৰীড়া সন্থাৰ সম্পাদক যতীন বুঢ়াগোহাঁইয়ে।দিনৰ ১ বজাত ইউবিপিঅৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিব।বিয়লি ৩ বজাত প্ৰতিনিধি সভাৰ উদ্ধোধন কৰিব অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। প্ৰতিনিধি সভাত আদৰণি ভাষণ আগবঢ়াব অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি শুক্ৰেশ্বৰ গয়াৰীয়ে।
উল্লেখ্য যে,দ্বিতীয় দিনাৰ পুৱা ৯ বজাত পতাকা উত্তোলন কৰিব ইউবিপিঅৰ সভাপতি মনোৰঞ্জন বসুমমতাৰীয়ে।পুৱা ১১ বজাত শ্বহীদ তৰ্পণ কৰিব ইউবিপিঅৰ উপদেষ্টা হৰেশ্বৰ নাৰ্জাৰীয়ে। ইয়াৰ পাছতে স্মতিগ্ৰন্থ উন্মোচন কৰিব অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে। দিনৰ ২ বজাৰ পৰা ইউবিপিঅৰ সভাপতি মনোৰঞ্জন বসুমতাৰীৰ পৌৰোহিত্যত আৰম্ভ হ'বলগা আলোচনা চক্ৰত "বড়ো সকলৰ সমস্যা সমাধানৰ বাবে ঐক্যবদ্ধ ৰাজনৈতিক সংগ্ৰামৰ প্ৰয়োজনীয়তা" শীৰ্ষক বিষয়ত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিব বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী প্ৰধ্যাপক ড৹ ৰুষ্টম ব্ৰহ্ম আৰু "অসমৰ জনজাতি সকলৰ জন গাঁথনিগত ভাবুকি" শীৰ্ষক বিষয়ত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিব টিএমপিকেৰ সভাপতি তিলক দলেই।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/25/whatsapp-image-2026-2026-01-25-17-26-17.jpeg)
বিয়লি ৪ বজাত প্ৰতিনিধি সভাৰ দ্বিতীয় বৈঠক। অন্তিম তথা ১ ফেব্ৰুৱাৰীৰ দুপৰীয়া ১২ বজাৰ পৰা ইউবিপিঅৰ সভাপতি মনোৰঞ্জন বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিতব্য মুকলি সভাত আদৰণী ভাষণ আগবঢ়াব অভ্যৰ্থনা সমিতিৰ সভাপতি তথা জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে। মুকলি সভাৰ উদ্ধোধন কৰিব বিটিচিৰ মুৰব্বী হাগ্ৰমা মহিলাৰীয়ে। মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী মিহিনিশ্বৰ বসুমতাৰীয়ে। অনুষ্ঠানত মুখ্য অতিথি ৰূপে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিশিষ্ট অতিথি হিচাপে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুৰব্বী তুলিৰাম ৰংহাং,বিধায়ক মানৱ ডেকা, ধৰ্মেশ্বৰ কোঁৱৰ, বিশ্বজিৎ ফুকন,অৰুণাচল প্ৰদেশৰ বিধায়ক তাপি দাৰাং,নিনং ইৰিং,অৰুণাচল প্ৰদেশৰ বিজেপিৰ সভাপতি কলিং ময়ং,আপছুৰ প্ৰাক্তন সভাপতি নিনা কাডু,আমন্ত্ৰিত অতিথি হিচাপে বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ অনিল বসুমতাৰী,উপ মুখ্য কাৰ্যবাহী সদস্য ৰোমিঅ নাৰ্জাৰী, উপাধ্যক্ষ সৃজন বসুমতাৰী, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য বিলিমোহন খাকলাৰী,বিকেডব্লিউএচিৰ ইএম অমিয় কুমাৰ বসুমমতাৰী,বড়ো সাহিত্য সভাৰ সম্পাদিকা সৌৰ্জিলা ওৱাৰী,পশ্চিম বংগৰ বিশিষ্ট সমাজকৰ্মী পৃথিৱী চাইনী,নেপালৰ বিশিষ্ট সমাজকৰ্মী ৰূপেশ মেচে,সদৌ অসম বাঙালী যুৱ ছাত্র ফেডাৰেশনৰ কাৰ্যকৰী সভাপতি নিৰ্মলকান্তি শীল,আবৌফৰ সহকাৰী সাধাৰণ সম্পাদিকা সোভাৰাণী বসুমতাৰী, সদৌ অসম হাজং ছাত্র সন্থাৰ সভাপতি নিত্যানন্দ হাজং,ইউ এন বি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ভূমিধৰ বড়ো, ভোজপুৰী পৰিষদৰ সভাপতি কৈলাশ কুমাৰ গুপ্তা,এছ বি বড়ো হাইস্কুলৰ অৱসৰপ্ৰাপ্ত সহকাৰী প্ৰধান শিক্ষক ললিত চন্দ্ৰ বড়ো,বাথৌ মহাসভাৰ যুৱ সমিতিৰ সভাপতি ৰাজেশ বসুমতাৰী,বড়ো প্ৰাথমিক শিক্ষক সন্থাৰ প্ৰাক্তন সভাপতি চবিন স্বৰ্গীয়াৰী, বিটিএডিৰ বাহিৰৰ প্ৰাক্তন বিএলটি ঐক্য মঞ্চৰ সভাপতি শান্তনু বসুমতাৰী, বড়ো সাহিত্য সভাৰ কাৰ্য্যনিৰ্বাহক ধনেশ্বৰ নাৰ্জাৰী প্ৰমুখ্যে বহু সংখ্যক গন্যমান্য ব্যক্তি উপস্থিত থাকিব। সন্ধিয়া ৭ বজাৰ পৰা অনুষ্ঠিত হ'বলগা সাংস্কৃতিক অনুষ্ঠানৰ উদ্ধোধন কৰিব জৌহৌলাও নীলেশ্বৰ ব্ৰহ্ম আৰু সানজাৰাং লক্ষেশ্বৰ ব্ৰহ্ম বঁটা প্ৰাপক বীৰেন্দ্ৰ কুমাৰ ব্ৰহ্মই।
আনহাতে ২৮ জানুৱাৰীৰ পুৱা ৯-৩০ বজাত সানজাৰি নৌগৰ প্ৰদৰ্শনী দ্বাৰ উদ্বোধন কৰিব মিছিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই। পুৱা ১০ বজাত ৰঘুনাথ গয়াৰী সোঁৱৰণী বাণিজ্য আৰু মেলাৰ দ্বাৰ উন্মোচন কৰিব ধেমাজি জিলা পৰিষদৰ সভাপতি ভূপেন চুতীয়াই। অধিৱেশনৰ সাফল্যমণ্ডিত কৰি তুলিবলৈ ইতিমধ্যে অভ্যৰ্থনা সমিতিয়ে ব্যাপক প্ৰস্তুতি হাতত লৈছে। মূল তোৰণ,মূল মঞ্চ, মণ্ডপ, প্ৰদৰ্শণী,বজাৰ,মেলা,প্ৰতিনিধি শিৱিৰ, প্ৰতিনিধি সভাগৃহ,অতিথি শালা, ভোজনালয়,পৰম্পৰাগত বড়ো পৰিয়ালৰ গৃহ, আদৰণি তোৰণ আদি নিৰ্মাণৰ কাম পূৰ্ণ গতিত চলি আছে। ইয়াৰোপৰি পাঁচ শতাধিক শিল্পীৰ আখৰা চলি আছে দিবা নৈশ। অৰ্ধসহস্ৰাধিক স্বেচ্ছাসেৱকে যুদ্ধকালীনভাৱে চলাই আছে কুচকাৱাজ। ইউবিপিঅৰ ২২ খন জিলাৰ উপৰিও নেপাল, বাংলাদেশ,মেঘালয়, নাগালেণ্ড,ত্ৰিপুৰা,অৰুণাচল প্ৰদেশৰ পৰা পাঁচ হাজাৰো ধিক প্ৰতিনিধি,পৰ্যবেক্ষক আৰু অভ্যাগতক আদৰি বলৈ অভ্যৰ্থনা সমিতিয়ে পূৰ্ণ প্ৰস্তুতি চলাই আছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us