/asomiyapratidin/media/media_files/2026/01/20/1-2026-01-20-17-22-42.jpg)
ডিজিটেল ডেস্কঃ চিলাপথাৰ অঞ্চলটোৰ উচ্চ শিক্ষানুষ্ঠান চিলাপথাৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অৱসৰপ্ৰাপ্ত অধ্যাপক বিদ্যেশ্বৰ দলেৰ আজি আদ্যশ্রাদ্ধ। আদ্যশ্ৰাদ্ধৰ দিনটোতে গভীৰ শ্ৰদ্ধা নিবেদন কৰিলে অগণন গুণমুগ্ধই। তেওঁৰ প্ৰতিকৃতিত মাল্যাৰ্পন কৰিবলৈ আহিল বহু বিশিষ্ট ব্যক্তিৰ লগতে একালৰ সহকৰ্মী,প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু অগণন গুণমুগ্ধ ৰাইজ। পিছপৰা অঞ্চলটোৰ শৈক্ষিক ক্ষেত্ৰখনৰ বাবে প্ৰয়াত শিক্ষাবিদজনে আগবঢ়াই যোৱা দুৰ্মূল্য অবদানৰ কথা সুঁৱৰিলে অনুষ্ঠানত উপস্থিত থকা অলেখ গুণমুগ্ধই । প্ৰয়াত শিক্ষাবিদ জনৰ বিদেহ আত্মাৰ চিৰমুক্তি কামনা কৰিলে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/20/whatsapp-image-202-2026-01-20-17-23-05.jpeg)
লক্ষণীয় যে, ১৯৭৯ চনত স্থাপিত মহাবিদ্যালয়খনৰ ছাত্ৰ সমাজৰ মাজত বিশেষভাৱে জনপ্ৰিয় শিক্ষক আছিল প্ৰয়াত বিদ্যেশ্বৰ দলেৰ। অনুষ্ঠান চৰকাৰী হোৱাৰ পূৰ্বৰ পৰাই খোদ এজন বেতনবিহীন শিক্ষক হোৱাৰ পাছতো বহু বিদ্যাৰ্থীক সাধ্যমতে সহায় সহযোগিতা আগবঢ়াইছিল। অনেককে নামভৰ্তি,কিতাপ পত্ৰ যোগানৰ পৰা পৰীক্ষাৰ প্ৰপত্ৰ পুৰণলৈকে গাঁঠিৰ ধন ভাঙি মুক্তহস্তে আগবঢ়াইছিল সহায়ৰ হাত। এজন অভিজ্ঞ শিক্ষক হোৱাৰ হেতু নিয়মীয়াকৈ পাঠদানৰ উপৰিও অনেক দুখীয়া ছাত্ৰ-ছাত্ৰীক নিজৰ ঘৰতে পৰিয়ালৰ এজন সদস্যৰ দৰে ৰাখি অধ্যয়নৰ সুবিধা দিয়া বুলি আজি আদ্যশ্ৰাদ্ধৰ দিনটোত সুঁৱৰিলে প্ৰাক্তন ছাত্ৰই। মহাবিদ্যালয়খনৰ লগতে আমৃত্যু পৰ্যন্ত জড়িত আছিল বিভিন্ন ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/20/whatsapp-imag-2026-01-20-17-23-21.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us