চিলাপথাৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গণ বিক্ষোভ কাৰ্য্যসূচী

নিৰ্মাণৰত অৱস্থাতেই খহি পৰিছিল দুটাকৈ গাৰ্ডাৰ। সেই সন্দৰ্ভত বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদৰ পিছতো নিৰ্মাণকাৰী সংস্থা শিৱম নামৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণৰ নকৰিলে বিভাগীয় কতৃপক্ষই।

author-image
Asomiya Pratidin
New Update
new ap web 2 (32)

ডিজিটেল সংবাদ,চিলাপথাৰঃ   লোক নিৰ্মাণ বিভাগৰ চিলাপথাৰ সংমণ্ডলৰ অধীনত চিচিবৰগাঁও ৰাজহ চক্ৰৰ বিভিন্ন ঠাইত নিৰ্মাণৰত কেইবাটাও পথ আৰু দলং নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন হৈ আহিছে। নিলখ অঞ্চলৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ অন্তত সৰুপাম-নিলখ সংযোগ কৰি প্ৰায় ৬৫ কোটি টকা ব্যয়সাপেক্ষে গাইনদীৰ ওপৰত নিৰ্মান কৰি থকা পকী দলংখন নিৰ্মানত সংঘটিত হৈছে ব্যাপক অনিয়ম। 

উল্লেখ্য যে , নিৰ্মাণৰত অৱস্থাতেই খহি পৰিছিল দুটাকৈ গাৰ্ডাৰ। সেই সন্দৰ্ভত বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদৰ পিছতো নিৰ্মাণকাৰী সংস্থা শিৱম নামৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণৰ নকৰিলে বিভাগীয় কতৃপক্ষই। এইক্ষেত্ৰত নিৰ্মাণকাৰী সংস্থা আৰু লোকনিৰ্মান বিভাগৰ কাৰ্যবাহী অভিযন্ত্ৰা গৰাকীৰ মাজত কিবা গোপন মিতিৰালি থকাৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে।

 দলং নিৰ্মাণত অনিয়ম সংঘটিত কৰা শিবম কনষ্ট্ৰাকচন নামৰ নিৰ্মাণকাৰী সংস্থাটোক ব্লেক লিষ্টেড কৰা, পুকীয়া চিলাপথাৰ সংযোগী জৰাজীৰ্ণ পথটো নিৰ্মাণৰ ব্যবস্থা কৰা, অকাজানৰ পৰা লিকাবলি সংযোগী পথটো শীঘ্ৰে নিৰ্মাণ কৰা, নিৰ্মীয়মান চিচিবৰগাঁও-আমগুৰি পথটোৰ নিৰ্মাণৰ কাম পৰীক্ষা কৰি উন্নত মানদণ্ডৰে নিৰ্মাণৰ ব্যবস্থা কৰা, চিচিবৰগাঁও-চুমনি সংযোগী পথটো শীঘ্ৰে নিৰ্মাণৰ ব্যবস্থা কৰা, দলং নিৰ্মাণত দুৰ্নীতি সংঘটিত কৰা লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্ত্ৰা গৰাকীক শীঘ্ৰে নিলম্বন কৰা আদি দাবীৰে আজি এক গণবিক্ষোভ কাৰ্য্যসূচী গ্ৰহণ কৰে ধেমাজি জিলা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। 

সংগঠনটোৰ নেতৃত্বত কেইবাশ লোকে চিলাপথাৰ নগৰৰ মাজেৰে সমদল কৰি লোকনিৰ্মাণ বিভাগৰ চিলাপথাৰ সংমণ্ডলৰ কাৰ্যালয়ত উপস্থিত হৈ ধৰ্ণা প্ৰতিবাদেৰে উত্তাল কৰি তোলে চিলাপথাৰৰ আকাশ বতাহ । প্ৰতিবাদকাৰীসকলে ওপৰত উল্লেখিত দাবীসমূহ সম্বলিত এখন স্মাৰকপত্ৰ অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে । দাবীসমূহ অতিশীঘ্ৰে পূৰণ নকৰিলে অনাগত দিনত সংগঠনটোৱে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ ভাবুকি প্ৰদান কৰে ।

চিলাপথাৰ