সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনঃ চিচিবৰগাওঁ সমষ্টিত ৮ প্ৰাৰ্থীৰ টিকট বিচাৰি আৱেদন

চিলাপথাৰ হোটেল নভা পেলেচত বিজেপিৰ চিলাপথাৰ মণ্ডলৰ উদ্যোগত অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ বৈঠক

author-image
Asomiya Pratidin
New Update
9

ডিজিটেল সংবাদ, চিলাপথাৰঃ  ২০০৫ চনত গঠন হোৱা সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন সমাগত। ৩০ টা সমষ্টিৰে পৰিবেষ্টিত পৰিষদৰ নৱগঠিত চিচিবৰগাঁও সমষ্টিৰ বাবে বিজেপিৰ ৮ গৰাকী মহিলাই বিচাৰিছে টিকট। প্ৰায় ৩,৩৩৫ ভোটাৰ বিশিষ্ট মহিলাৰ বাবে সংৰক্ষিত সমষ্টিটোৰ আঁঠ গৰাকী মহিলাই টিকত বিচৰাক লৈ বিপাঙত পৰিছে  এতিয়া বিজেপি দল। টিকট প্ৰাৰ্থী সকল ক্ৰমে- দিপো বৰা হাজৰিকা,জ্যোৎস্না সোণোৱাল বৰুৱা,জুৰি সোণোৱাল,অনিমা শইকীয়া সোণোৱাল,সোণতৰা সোণোৱাল,সুষমা বৰা ডেকা বৰুৱা,বন্তি হাজৰিকা সোণোৱাল আৰু লুকুমনি সোণোৱাল। 

WhatsApp Image 2025-12-02 at 9.46.25 AM

সোমবাৰে চিলাপথাৰ হোটেল নভা পেলেচত বিজেপিৰ চিলাপথাৰ মণ্ডলৰ উদ্যোগত অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ বৈঠক। অঞ্চলটোৰ ১০ খন সোণোৱাল কছাৰী অধ্যুষিত গাঁৱৰ বহু শিক্ষক -অধ্যাপক,সচেতন সমাজকৰ্মী,সংগঠনৰ কৰ্মীৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত আলোচনাৰ জৰিয়তে এগৰাকী যোগ্য বলিষ্ঠ প্ৰাৰ্থী বাছি দিবলৈ ৰাইজক দলটোৱে আহ্বান কৰা পৰিলক্ষিত হয় ।

WhatsApp Image 2025-12-02 at 9.46.24 AM (2)

নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধি অহা টিকট প্ৰাৰ্থী সকলক যোগ্যতা অনুসৰি বাছি দিবলৈ ৰাইজ অসমৰ্থ হয়। বিজেপিৰ চিলাপথাৰ‌ মণ্ডল সভাপতি গংগা পেগুৰ সঞ্চালনত অনুষ্ঠিত বৈঠকত মুৰকত প্ৰাৰ্থী সকলক তিনি দিনৰ সময়সীমা ভিতৰত আলোচনাৰ মাধ্যমৰে বুজাবুজি কৰি এগৰাকী সৰ্বসন্মত প্ৰাৰ্থী দলৰ বেনাৰত থিয় কৰাবলৈ আহ্বান জনায়।  

WhatsApp Image 2025-12-02 at 9.46.24 AM

বৈঠকত চিলাপথাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক নন্দেশ্বৰ কছাৰী, উপাধ্যক্ষ ব্ৰজনাথ বৰুৱা,প্ৰধান শিক্ষক ৰমেশ সোণোৱাল,বিষয় শিক্ষক মহিম বৰুৱা,সমাজকৰ্মী টংকেশ্বৰ সোণোৱাল, ঘনকান্ত সোণোৱাল,বিষ্ণু ডেকা বৰুৱা,চন্দন কছাৰীৰ লগতে প্ৰাৰ্থীত্ব প্ৰত্যাশি সকলে বক্তব্য প্ৰদান কৰে।

WhatsApp Image 2025-12-02 at 9.46.24 AM (1)

চিলাপথাৰ