/asomiyapratidin/media/media_files/2025/09/05/dhemaji-5-2025-09-05-07-53-22.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি জিলাৰ চিলাপথাৰৰ “ স্বত্বিক এন্টাৰপ্ৰাইজ” নামৰ পানী কোম্পানীটোৰ স্বত্বাধিকাৰী তথা অনাঅসমীয়া ব্যৱসায়ী মনোজ হিমানী আৰু তেওঁৰ ভাগিন ৰাজস্থানৰ ৰাহুল শৰ্মাই কোম্পানীটোৰ মেনেজাৰসহ পাঁচ খিলঞ্জীয়া অসমীয়া কৰ্মচাৰীক কোনো কাৰন নোহোৱাকৈয়ে কৰ্মৰ পৰা আঁতৰাই বহিৰাগতক নিয়োগ কৰিবলৈ লোৱা কাৰ্যৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
তাৰোপৰি উক্ত পাঁচোজন কৰ্মচাৰীকে তেওঁলোকৰ প্ৰাপ্য দৰমহাও আদায় নিদি ভাবুকি দিয়া কাণ্ডই চিলাপথাৰতে নহয়, সমগ্ৰ ধেমাজি জিলাতেই ব্যাপক প্ৰতিক্ৰিয়া আৰু ক্ষোভৰ সৃষ্টি কৰিছে। উল্লেখ্য যে, এই প্ৰতিষ্ঠানটোৱে মেনেজাৰ দায়িত্বত থকা হৰেণ বৰা নামৰ লোকজনক অতি কৌশলেৰে চলিত বৰ্ষৰ জুলাই মাহতেই কামৰ আঁতৰাই দিছিল।
পিছত উপায়ন্তৰ হৈ ভুক্তভোগী বৰাই লাচিত সেনা অসম, ধেমাজি জিলা সমিতিৰ ওচৰত বিষয়টো অৱগত কৰি লিখিতভাৱে আবেদন জনাইছিল। সেই মৰ্মেই লাচিত সেনা, অসম ধেমাজি জিলা সমিতিয়ে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি ইয়াৰ এটা সু-মিমাংসা বিচাৰি স্বত্বাধিকাৰীলৈ সংগঠনটোৱে এক পত্ৰ প্ৰেৰণ কৰে৷
যোৱা ২২ আগষ্টত সংগঠনটোৱে চিঠি দিয়াৰ দুদিনৰ পিছতেই স্বত্বাধিকাৰীৰ হৈ ৰাহুল শৰ্মাই ২৪ আগষ্টত চিলাপথাৰৰ ইউনিৰ্ভাচ পেলেচ নামৰ হোটেলত দুয়ো পক্ষৰ মাজত আলোচনাত মিলিত হৈ এক সিদ্ধান্তত উপনীত হোৱাৰ পিছতো ৰহস্যজনকভাৱে পিছ দিনাই আকৌ এক নতুন কৌশল ৰচনা কৰি হৰেণ বৰাৰ ওপৰতহে চিলাপথাৰ আৰক্ষী থানাত এজেহাৰহে দাখিল কৰে।
লগতে লাচিত সেনা, অসম ধেমাজি জিলা সমিতিৰ বিষয়ববীয়াসকলক এটা গুণ্ডাবাহিনীৰ দল বুলিও বিৰূপ মন্তব্য কৰে৷ স্বত্বাধিকাৰী মনোজ হিমানী আৰু ৰাহুল শৰ্মাৰ এনে মন্তব্যৰ পিছতেই লাচিত সেনা, অসম ধেমাজি জিলা সমিতিয়ে ক্ষোভিত হৈ অনাঅসমীয়াদ্বয় মনোজ হিমানী আৰু ৰাহুল শৰ্মাৰ ওপৰত শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰি গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাই ধেমাজি জিলাখনৰ কেইবাখনো আৰক্ষী থানাত ইতিমধ্যে এজেহাৰ দাখিল কৰে৷
এজেহাৰ দাখিল কৰাৰ আজি ৯ দিনৰ পিছতো আৰক্ষীয়ে অনাঅসমীয়া ব্যৱসায়ীদ্বয়ৰ বিৰুদ্ধে কোনো ব্যৱস্থা নকৰাত বৃহস্পতিবাৰে বিয়লি ৩ বজাত ধেমাজি প্ৰেছ ক্লাবত সংগঠনটোৰ বিষয়ববীয়াসকলে এখন সংবাদমেল সম্বোধন কৰি আৰক্ষী আৰু জিলা প্ৰশাসনক তীব্ৰ সমালোচনা কৰে। তেওঁলোকে শীঘ্ৰেই দুই অনাঅসমীয়া ব্যৱসায়ী মনোজ হিমানী আৰু ৰাহুল শৰ্মাক গ্ৰেপ্তাৰ কৰিবলৈয়ো দাবী জনায়৷
সংবাদমেলত লাচিত সেনা, অসম ধেমাজি জিলা সমিতিৰ ক্ৰমে সভাপতি যাদৱ নাথ, উপ-সভাপতি ৰাতুল বৰা, মুখ্য সচিব হেমন্ত গগৈ, যুটীয়া সচিব মৃদুল গগৈ, চিলাপথাৰ আঞ্চলিক সমিতিৰ লাচিত সেনাৰ সভাপতি জয়ন্ত বৰুৱা, ধেমাজি সদৰ আঞ্চলিক সমিতিৰ সভাপতি মিন্টু চুতীয়া, ধেমাজি সদৰ আঞ্চলিক সমিতিৰ প্ৰশাসনিক সচিব আৰোহণ দত্ত, ধেমাজি বিৰঙ্গনাৰ সভানেত্ৰী বুলবুলি শইকীয়া, বীৰংগনাৰ সদস্যদ্বয় জানমনি সোনোৱাল আৰু সমৰজিৎ ভৰালীৰ উপৰিও ভুক্তভোগী হৰেণ বৰাৰ পত্নী নিকুমনি বৰাও উপস্থিত থাকে৷