/asomiyapratidin/media/media_files/2026/01/25/whatsapp-imag-2026-01-25-23-44-56.jpeg)
ডিজিটেল ডেস্কঃ চিলাপথাৰত সংঘটিত হ'ল লাভ জেহাদৰ ঘটনা। চিলাপথাৰ লিকাবালিৰ আলিকাষৰ এগৰাকী ১২ বছৰীয়া হিন্দু নাবালিকাক ভালপোৱা আৰু চিনেমাত সুবিধা দিয়াৰ প্ৰলোভন দি পলুৱাই নিলে হোজাইৰ এজন মুছলমান যুৱকে। যুৱকজন হ'ল হোজাই জোতাং বস্তিৰ মহম্মদ আব্দুল আজিজৰ পুত্ৰ আতিফ আক্ৰাম।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/25/whatsapp-image-2-2026-01-25-23-45-12.jpeg)
বিশেষ সূত্ৰে অভিযুক্তৰ অৱস্থিতৰ কথা জানিব পাৰি চিলাপথাৰ আৰক্ষীয়ে পৰিয়ালৰ সহযোগত পশ্চিম বংগৰ বৰোদাৰ পৰা দুয়োকে উদ্ধাৰ কৰি চিলাপথাৰলৈ নিয়ে। পৰিতপৰ বিষয় যে আজি নাটকীয়ভাৱে ধৃত অভিযুক্ত আতীফ আচলাম চিলাপথাৰ থানাৰ পৰাই পলায়ন কৰাত থানাত এক উত্তপ্ত পৰিস্থিত সৃষ্টি হয়। দৈৱ ক্ৰমে জেহাদি আতিফক নৈশ বাছত উঠি পলয়ন কৰিবলৈ লোৱা সময়ে আৰক্ষী পুনৰ কৰায়ত্ব কৰিবলৈ সক্ষম হয় অভিযুক্তটোক। অঞ্চলটোত দিনক দিনে বৃদ্ধি পোৱা লাভ জিহাদৰ দৰে ঘটনাক লৈ উদ্বিগ্ন হৈ পৰিছে স্থানীয় ৰাইজ । আৰক্ষী গাফিলতি বাবে অভিযুক্ত পলায়নৰ সুবিধা পোৱা বুলি ৰাইজে এক প্ৰকাৰ অভিযোগ উত্থাপন কৰিছে। ঘটনাটোৱে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us