চিলাপথাৰত লাখপতি বাইদেউ আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনত অনিয়মৰ অভিযোগ

লাখপতি বাইদেউ আঁচনি আৰু অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনৰ ক্ষেত্ৰত একাংশ ৰাজনৈতিক পালি নেতাই ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে ধেমাজি জিলাৰ জোনাই বিধানসভা

author-image
Asomiya Pratidin
New Update
480

ডিজিটেল সংবাদ, চিলাপথাৰ : চৰকাৰে মহিলা সবলীকৰণৰ লক্ষ্যৰে গ্ৰহণ কৰা মহিলা উদ্যমিতা আঁচনিৰ অধীনৰ লাখপতি বাইদেউ আঁচনি আৰু অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনৰ ক্ষেত্ৰত একাংশ ৰাজনৈতিক পালি নেতাই ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে ধেমাজি জিলাৰ জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত উজনি চিচি টঙানি গাঁও পঞ্চায়তত ।

শনিবাৰে পঞ্চায়তটোৰ অধীনৰ তিনিটা ৱাৰ্ডৰ একাংশ বঞ্চিত মহিলাই সংবাদ মাধ্যমৰ আগত প্ৰচণ্ড ক্ষোভ উজাৰি অভিযোগ উত্থাপন কৰে যে লাখপতি বাইদেউ আঁচনিৰ হিতাধিকাৰি নিৰ্বাচনত অজ্ঞাত কাৰণত একেটা গোটৰে একাংশ মহিলাৰ নাম আহিছে আৰু একাংশ মহিলাৰ নাম বাদ পৰি গৈছে । অৰুণোদয় আঁচনিৰ ক্ষেত্ৰতো পূৰ্বে আঁচনিৰ অন্তৰ্ভুক্ত একাংশ যোগ্য হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে ।

এই ক্ষেত্ৰত শাসকীয় দলৰ একাংশ নেতা পালি নেতাৰ বিৰুদ্ধে অভিযোগৰ আঙুলি টোঁৱাইছে বঞ্চিত হিতাধিকাৰীসকলে । সমগ্ৰ বিষয়টোৰ ওপৰত জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন পেগুৰ হস্তক্ষেপ দাবী কৰিছে বঞ্চিত মহিলাসকলে ।

চিলাপথাৰ