চিলাপথাৰত লাচিত দিৱস উপলক্ষে প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা...

সমগ্ৰ ৰাজ্যৰ লগতে চিলাপথাৰটো অনুষ্ঠিত হ'ল মহাবীৰ লাচিত বৰফুকনৰ জন্ম দিনৰ উপলক্ষত লাচিত দিৱস। সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত

author-image
Asomiya Pratidin
New Update
2

ডিজিটেল সংবাদ, চিলাপথাৰঃ  সমগ্ৰ ৰাজ্যৰ লগতে চিলাপথাৰটো অনুষ্ঠিত হ'ল মহাবীৰ লাচিত বৰফুকনৰ জন্ম দিনৰ উপলক্ষত লাচিত দিৱস। সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু ধেমাজি জিলাৰ সহযোগত চিলাপথাৰ ৰাস মন্দিৰত অনুষ্ঠিত হ'ল এই লাচিত দিৱস।

image (16)

উল্লেখ্য যে  পতাকা উত্তোলন,স্মৃতি তৰ্পণ আৰু মৈদাম তৰ্পণৰ পিছতে অনুষ্ঠিত হ'ল প্ৰাইজমানি  ফুটবল প্ৰতিযোগিতা। দুপৰীয়া টাই ভাষাৰ সমবেত সংগীতেৰে আৰম্ভ  কৰে এই মুকলি সভা। 

image (17)

তাৰোপৰি ছয় জনগোষ্ঠীক জনজাতীয়কৰনৰ ক্ষেত্ৰত আটাছু আশাবাদী বুলি মন্তব্য কৰি ২৫ নৱেম্বৰত অনুষ্ঠিত বিধানসভাত ছয় জনগোষ্ঠীৰ সপক্ষে জনপ্ৰতিনিধিয়ে বিবেচনা কৰিব বুলি সংগঠনটোৰ নেতাই আশা প্ৰকাশ কৰে।

image (15)

চিলাপথাৰ লাচিত দিৱস