/asomiyapratidin/media/media_files/2025/09/01/ccccc-2025-09-01-17-33-46.jpg)
ডিজিটেল সংবাদ, চিলাপথাৰঃ চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত শিয়াল চাপৰিৰ পৰা বিগত এটা বছৰে নিখোজ হৈ আছে কানাই দাস (৩২) নামৰ এজন লোক। পিতৃ সন্ধানহীন হোৱাৰ পাছৰে পৰা মাতৃহীনা তিনি সন্তানৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।
উল্লেখযোগ্য যে, গাঁওখনৰ বাদুৰি দাসৰ পুত্ৰ কানাইয়ে ২০২৪ চনত বৰপেটাৰোডৰ জনৈক মানিক ৰাজবংশী নামৰ ঠিকাদাৰ জনৰ অধীনত কাম কৰিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল। ৬ বছৰৰ পূৰ্বে পত্নীক হেৰুৱাই তিনিটা সন্তানৰ সৈতে দিন মজুৰি কৰি কোনোমতে চলি আছিল পৰিয়ালটো। মাতৃহীনা তিনিটা সন্তানক বৃদ্ধ পিতৃ মাতৃৰ হাতত চমজাই থৈ কাম কৰিবলৈ বুলি ওলাই গৈ আজি পৰ্যন্ত ঘৰলৈ উভতি নাহিল কানাই দাস।
সম্প্ৰতি চৰম অভাৱ অনাটনৰ মাজেৰে ককাকৰ সৈতে দিন কটাইছে দুৰ্ভগীয়া সন্তান তিনিটাই। নিখোজ পিতৃৰ অপেক্ষাত আজিও দিন পাৰ কৰিছে শিশুত্ৰয়ে। নিখোজৰ ঘটনাটোৰ সন্দৰ্ভত যুৱকজনৰ পৰিয়ালে বৰপেটা আৰু চিলাপথাৰ আৰক্ষী থানাত এজাহৰ দাখিল কৰিছে যদিও আজিলৈকে লাভ কৰা নাই কোনো শুং সূত্ৰ।
কোনো সদশয় লোকে যুৱকজনৰ সন্ধান পালে নিকটস্থিত আৰক্ষী থানা অথবা 9957416282 নম্বৰত খবৰ দিবলৈ দূৰ্ভগীয়া পৰিয়ালটোৱে প্ৰাৰ্থনা জনাইছে।