নিৰ্বাচনত বিজেপিৰ স্বেচ্ছাচাৰী শাসন ৰাইজে উফৰাই দিবঃ গৌৰৱ গগৈ

কুলাজানৰ "হোটেল হাইৱেত" আয়োজিত দলীয় পৰ্যালোচনা সভাখনত ধেমাজি জিলাৰ আঠটা ব্লক কংগ্ৰেছৰ নেতৃবৰ্গ আৰু পৰ্যবেক্ষক সকলে অংশগ্ৰহণ কৰে।

author-image
Asomiya Pratidin
New Update
FDFDSFSDSADS

ডিজিটেল সংবাদ, চিলাপথাৰঃ "২০২৬'ৰ বিধানসভা নিৰ্বাচনৰ যুদ্ধখন কোনো ৰাজনৈতিক দলৰ মাজত নহয়। বৰঞ্চ এইখন যুদ্ধ ৰাইজ আৰু এগৰাকী ৰজাৰ মাজত অনুষ্ঠিত হব। আমি জনসাধাৰণৰ লগত আছো। অহা নিৰ্বাচনত বিজেপিৰ স্বেচ্ছাচাৰী শাসন ৰাইজে উফৰাই দিব" - এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ। শুকুৰবাৰে চিলাপথাৰৰ কুলাজানত অনুষ্ঠিত এক দলীয় পৰ্যালোচনা সভাত এই বুলি বিজেপিক কঠোৰ সমালোচনা কৰে সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। 

CaptureVVCVVVVVVVVVVVVVVVVVVVV

উল্লেখ্য যে, কুলাজানৰ "হোটেল হাইৱেত" আয়োজিত দলীয় পৰ্যালোচনা সভাখনত ধেমাজি জিলাৰ আঠটা ব্লক কংগ্ৰেছৰ নেতৃবৰ্গ আৰু পৰ্যবেক্ষক সকলে অংশগ্ৰহণ কৰে। জিলা কংগ্ৰেছৰ সভাপতি তিলক ফুকনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত প্ৰদেশ কংগ্ৰেছৰ উপ সভাপতি ঘন বুঢ়াগোহাঁইকে ধৰি প্ৰদেশ কংগ্ৰেছৰ কেইবা গৰাকীও উপসভাপতি,সম্পাদককে ধৰি যুৱ আৰু মহিলা কংগ্ৰেছৰ নেতৃবৰ্গই অংশগ্ৰহণ কৰে।

চিলাপথাৰ