দুই ঐতিহাসিক থানত পশু, পক্ষী উৎসৰ্গাঃ জুবিন গাৰ্গৰ মৃত্যুত দোষীৰ কঠোৰ শাস্তিৰ দাবী ভূৱন পেগুৰ

আজি চিলাপথাৰ দুই ঐতিহাসিক থান চিলাসুঁতি আইথান আৰু চিলাগাঁও মা মালিনী থানত আজি মহাষ্টমীৰ দিনা শ-শ পশু পক্ষী দেৱীমাৰ চৰনত উৎসৰ্গা কৰে ভক্তই।

author-image
Asomiya Pratidin
New Update
BHUBAN PEGU 30

ডিজিটেল সংবাদ চিলাপথাৰঃ আজি চিলাপথাৰ দুই ঐতিহাসিক থান চিলাসুঁতি আইথান আৰু চিলাগাঁও মা মালিনী থানত আজি মহাষ্টমীৰ দিনা শ-শ পশু পক্ষী দেৱীমাৰ চৰনত উৎসৰ্গা কৰে ভক্তই। অজস্ৰ অবোধ জীৱ-জন্তুৰ তেজেৰে ৰাঙলি হ'ল দেৱী‌ দুৰ্গাৰ বলিশাল। হাজাৰ হাজাৰ অপায় অমংগল নাশি, শান্তি সমৃদ্ধি কামনা কৰি আগবঢ়ালে নৈবেদ্য।

চিলাসূতি আইথানত‌ দেৱীমাৰ আৰ্শীবাদ ল'বলৈ সপৰিবাৰে আহিল জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগু। উদযাপনস্থলীত ৰখা গীতৰ ভগৱান জনকণ্ঠ জুবিন গাৰ্গৰ প্ৰতিকৃতিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি বিধায়ক জনে। 

ইয়াতেই তেওঁ শিল্পীজনৰ মৃত্যুৰ ঘটনাটো আজিও মানি ল'ব পৰা নাই বুলি মন্তব্য কৰি তেওঁৰ স্বৰ্গগত আত্মাৰ সদগতিৰ কামনা কৰে। তেখেতৰ মৃত্যুৰ ঘটনাত দোষীক কৰায়ত্ত কৰি কঠোৰ শাস্তিৰ দাবী জনায়। সমগ্ৰ ঘটনাটোৰ দোষীক অসমবাসীয়ে কদাপি ক্ষমা নকৰে বুলি মন্তব্য কৰে।

ভূৱন পেগু চিলাপথাৰ