চিলাপথাৰত ভয়ংকৰ অগ্নিকাণ্ডঃ জুই জাহ গ'ল চাৰিটা বাসগৃহ

চিলাপথাৰত সংঘটিত হৈছে ভয়ানক অগ্নিকাণ্ড। তিনিটা চিলিণ্ডাৰৰ বিস্ফোৰণত জাহ গ'ল চাৰিখনকৈ ঘৰ। চিলাপথাৰ নগৰৰ মাজমজিয়াৰ গ্ৰীণ লে'ক হোটেলৰ পিছফালে সন্ধিয়া প্ৰায় ৬ মান বজাত সংঘটিত হ'ল এই ভয়ানক অগ্নিকাণ্ড।  

author-image
Asomiya Pratidin
New Update
BREAKING NEWS

ডিজিটেল সংবাদ, চিলাপথাৰঃ চিলাপথাৰত সংঘটিত হৈছে ভয়ানক অগ্নিকাণ্ড। তিনিটা চিলিণ্ডাৰৰ বিস্ফোৰণত জাহ গ'ল চাৰিখনকৈ ঘৰ। চিলাপথাৰ নগৰৰ মাজমজিয়াৰ গ্ৰীণ লে'ক হোটেলৰ পিছফালে সন্ধিয়া প্ৰায় ৬ মান বজাত সংঘটিত হ'ল এই ভয়ানক অগ্নিকাণ্ড।  

জানিব পৰা মতে, ৰে'ল লাইনৰ কাষত জনৈক চেত্ৰী উপাধিৰ লোকজনৰ পাক ঘৰৰ পৰা জুইৰ সূত্ৰপাত হয়। মূহুৰ্তৰ ভিতৰতে জুইৰ লেলিহান শিখাই ভস্মীভূত কৰিলে চাৰিখনকৈ ঘৰ। বিকত শব্দৰে তিনিটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হয়। ফলত চাৰিটা পৰিয়ালৰ সমস্ত বয়বস্তু জাহ যায়। ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় যদিও জুইৰ পৰা একোৱেই বচাব পৰা নগল।

চিলাপথাৰ