/asomiyapratidin/media/media_files/2026/01/05/frtrytrgdfdfdf-2026-01-05-15-56-40.jpg)
ডিজিটেল সংবাদ, চিলাপথাৰঃ সমাগত বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ কাৰ্য্যসূচী আজিৰে পৰা আৰম্ভ কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে। 'অসমত আকৌ এবাৰ বিজেপি চৰকাৰ' শ্লগানৰে বিজেপি দলে আজি ৰাজ্যজুৰি অসম বিধানসভা নিৰ্বাচন-২০২৬ৰ বাবে 'বিকশিত আৰু সুৰক্ষিত অসম'ৰ শ্ল'গানেৰে "দেৱাল লিখন" কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে।
ৰাজ্যৰ আন প্ৰান্তৰ দৰে চিলাপথাৰ নগৰতো বিজেপিৰ চিলাপথাৰ মণ্ডল যুৱ মৰ্চাৰ উদ্যোগত দেৱালত বিজেপিৰ প্ৰতীক-চিহ্ন অংকন কাৰ্যসূচী আৰম্ভ কৰা হয়। কাৰ্যকৰ্তাসকলে দেৱালত পদুম ফুল অংকন কৰি নিৰ্বাচনী প্ৰচাৰ অভিযান কৰে। প্ৰায় ৭টা বিশেষ শ্ল’গানেৰে নগৰ খনৰ প্ৰান্তে প্ৰান্তে অংকন কৰা হয় বিজেপি প্ৰতীক চিহ্ন।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/05/whatsapp-image-2026-01-05-15-57-09.jpeg)
এই কাৰ্য্যসূচীত ধেমাজি জিলা বিজেপিৰ সভানেত্ৰী ৰূপা কামান, সাধাৰণ সম্পাদক বিভূতি ভুঞা, চিলাপথাৰ মণ্ডলৰ সভাপতি গংগা পেগু, সাধাৰণ সম্পাদক ঋতুপৰ্ণ চুতীয়া, বাবুল চক্ৰৱৰ্তী, চিলাপথাৰ পৌৰসভাৰ সভানেত্ৰী লাৱণ্য পাইত দলে, মহিলা মৰ্চাৰ সভানেত্ৰী সুনিতি বসুমতাৰী মিলি, যুৱ মৰ্চাৰ সভাপতি জ্যোতিষ্মান চলিহাৰ আৰু বিজেপি জিলা,মণ্ডলৰ বিভিন্ন কৰ্মকৰ্তাৰ লগতে পঞ্চায়ত প্ৰতিনিধি সকলেও উপস্থিত থাকে। ইফালে ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত পুনৰ বিজেপি দলে তৃতীয়বাৰৰ বাবে দিছপুৰৰ গাদী দখল কৰিব বুলি মন্তব্য আগবঢ়ায় কৰ্মী সকলে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us