চিচিবৰগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড

চিচিবৰগাঁৱৰ সমীপৰ পুকীয়াত সোমবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।পুকীয়া তিনিআলিৰ সমীপত থকা বিটুমিন প্লাণ্টত বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলতেই সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, চিলাপথাৰঃ চিচিবৰগাঁৱৰ সমীপৰ পুকীয়াত সোমবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।পুকীয়া তিনিআলিৰ সমীপত থকা বিটুমিন প্লাণ্টত বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলতেই সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা । বিটুমিন প্লাণ্টটোত কাম চলি থকা অৱস্থাতেই জুইৰ সূত্ৰপাত ঘটে। আলকতৰা আৰু তেলৰ টেংকিত জুই লগাৰ ফলত জুইৰ লেলিহান শিখাই নিমিষতে ভয়ংকৰ ৰূপ ধাৰণ কৰে। 

উল্লেখ্য যে,আলকতৰাৰ ক'লা ধোঁৱাই ছানি ধৰে সমগ্ৰ অঞ্চল। চিলাপথাৰৰ পৰা দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি বহুসময় চেষ্টা কৰি অগ্নিনিৰ্বাপন কৰিবলৈ সক্ষম হয়। এই ভয়ংকৰ অগ্নিকাণ্ডত গোটেই প্লাণ্টটো সম্পূৰ্ণৰূপে ধ্বংসপ্ৰাপ্ত হয়। ঘটনাত ১৮ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি হয় বুলি জানিব পৰা গৈছে। দৈৱক্ৰমে ৰক্ষা পৰে বিটুমিন প্লাণ্টটোত কৰ্মৰত শ্ৰমিকসক। 

চিচিবৰগাঁৱৰ দুই ভাতৃ প্ৰশান্ত শইকীয়া আৰু জিতেন্দ্ৰ শইকীয়াই অতি কষ্টেৰে মাত্ৰ চাৰি মাহৰ পূৰ্বে ক্ৰয় কৰিছিল এই বিটুমিন প্লাণ্টটো। সমবাৰে সংঘটিত অগ্নিকাণ্ডৰ ফলত প্লাণ্টটো সম্পূৰ্ণ ৰূপে ধ্বংস হোৱাত  উপায়হীন হৈ পৰিছে  দুই ভাতৃ। ইপিনে প্লাণ্টটো পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰক সহায় আগবঢ়াবলৈ কৰযোৰে আহ্বান জনাইছে দুই ভাতৃয়ে ।

চিলাপথাৰ