চিলাপথাৰত একেদিনাই ১৬টা পথৰ আধাৰশিলা স্থাপন কৰিলে বিধায়ক ভুৱন পেগুৱে

দেওবাৰে চিলাপথাৰ অঞ্চলৰ ডিমৌ, চিমেনমুখ আৰু চেঙাজানত ১৬ টা পথৰ আধাৰশিলা স্থাপন কৰি চমক সৃষ্টি কৰিলে জোনাইৰ বিধায়ক ভুৱন পেগুৱে৷

author-image
Asomiya Pratidin
New Update
gfdggfgfgf

ডিজিটেল সংবাদ, চিলাপথাৰঃ দেওবাৰে চিলাপথাৰ অঞ্চলৰ ডিমৌ, চিমেনমুখ আৰু চেঙাজানত ১৬ টা পথৰ আধাৰশিলা স্থাপন কৰি চমক সৃষ্টি কৰিলে জোনাইৰ বিধায়ক ভুৱন পেগুৱে৷

Capturefesfsffd

ঢোলে ডগৰে ৰজনজনোৱা পৰিৱেশৰ মাজত অনুষ্ঠিত কৰিলে ১৬ টা পথৰ আধাৰশিলা। সমান্তৰালকৈ বিধায়ক গৰাকীয়ে অনুষ্ঠিত কৰিলে পথ সভা। 

Capturevdfdfddddddddd

এই পথ সভাত বিজেপি নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যত কৰা বিভিন্ন দিশৰ উন্নয়নৰ খটিয়ান দাঙি ধৰাৰ লগতে কংগ্ৰেছ দলক চোকা সমালোচনা কৰিলে বিধায়ক গৰাকীয়ে।

Capturerfgfgf

আনহাতে, সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ভুৱন পেগুৱে উল্লেখ কৰে যে, জোনাইত বৰ্তমান বিজেপি দলৰ কোনো প্ৰত্যাহ্বান নাই। বৰঞ্চ বিজেপিৰ কোনটো বুথে সৰ্বাধিক ভোট সংগ্ৰহ কৰিব পাৰে তাকে লৈহে প্ৰতিযোগিতাহে চলি থকা বুলি সদৰী কৰে বিধায়ক গৰাকীয়ে ৷

চিলাপথাৰ