/asomiyapratidin/media/media_files/2026/03/03/3-2026-03-03-17-09-49.jpg)
ডিজিটেল ডেস্কঃ অসমত বসবাস কৰা জনগোষ্ঠী সমূহৰ ভিতৰত এটা অন্যতম জনগোষ্ঠী হৈছে সোণোৱাল কছাৰী সকল।অসমৰ বিভিন্ন প্ৰান্তত এই সোণোৱাল কছাৰী জনগোষ্ঠীৰ লোক সকলে অন্য জনজাতি সমূহৰ সৈতে সমিল মিলেৰে অতীজৰে পৰা বসবাস কৰি আহিছে।
/asomiyapratidin/media/post_attachments/f376143b-6b9.png)
সোণোৱাল কছাৰীসকলৰ প্ৰাণৰ উৎসৱ "খ্ৰীং খ্রীং বাইথ' পূজা"ৰ সৈতে জড়িত হৈ আছে জনগোষ্ঠীটোৰ বিভিন্ন লোক-পৰম্পৰা, আধ্যাত্মিকতা আৰু প্ৰকৃতিৰ সৈতে যুগ যুগৰ নিবিড় সম্পর্ক। খ্ৰীং খ্ৰীং বাইথ' পূজা হৈছে সোনোৱাল কছাৰী জনগোষ্ঠীৰ এক কৃষিকালীন ধৰ্মীয় উৎসৱ।
বিগত বৰ্ষৰ দৰে এইবাৰো চিলাপথাৰত উদযাপন কৰা হয় সোণোৱাল কছাৰীসকলৰ আৰাধ্য দেৱতা খ্ৰীং খ্ৰী বাইথ' পূজা। তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত পূজাৰ আজি সফল সামৰণী পৰে। পূজাৰ প্ৰথম দিনা পৰম্পৰাগত নিয়মৰ মাজেৰে খীন ভঙা,দ্বিতীয় দিনা আৰাধ্য দেৱতাৰ পূজা অৰ্চনা কৰাৰ লগতে আজি তৃতীয় দিনা হুঁচৰি নমোৱা পৰ্ব পালন কৰা হয়।
ইপিনে হাইদাং হুঁচৰিত বহু লোকে ভাগ লয়। সামৰণি দিনা আয়োজন কৰা হ'ল প্ৰীতিভোজ। খ্ৰীং দেৱতাৰ চৰণত নৈবেদ্য আগবঢ়াই কুশল মঙ্গলৰ লগতে শান্তি সমৃদ্ধি কামনা কৰে জনগোষ্ঠীয় ৰাইজে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us