/asomiyapratidin/media/media_files/2025/08/26/silapathar-26-2025-08-26-20-19-41.jpg)
ডিজিটেল সংবাদ চিলাপথাৰঃ চিলাপথাৰ অঞ্চলত ড্ৰাগচৰ লগতে অন্যান্য ৰাগিয়াল দ্ৰব্যৰ ব্যাপক প্ৰচলন বৃদ্ধিয়ে ৰাইজক উদ্বিগ্ন কৰি তুলিছে। চিলাপথাৰ জোনাকী নগৰস্থিত খ্ৰীং খ্ৰীং বাইথ' মন্দিৰৰ চৌহদতে আজি ড্ৰাগছসহ দুজন সেৱনকাৰী আৰু সৰবৰাহকাৰী আৰক্ষীৰ হাতত ধৰা পৰিল।
ৰাইজে জানিবলৈ দিয়া মতে আজি দুপৰীয়া বাইথ' মন্দিৰৰ সন্মুখৰ এখন দোকানত দুজন সৰবৰাহকাৰী সন্দেহজনকভাৱে অৱস্থান কৰি থকা বুলি গোপন সূত্ৰে জানিবলৈ পাৰি চিলাপথাৰ আৰক্ষীয় অতৰ্কিত অভিযান চলায়। অভিযানত যুৱক দুজনৰ পৰা ২.৩ গ্ৰাম ড্ৰাগছ উদ্ধাৰ হয়।
ধৃত যুৱক দুজন হ'ল চিলাপথাৰ মিছিং গাঁৱৰ নোমল পেগু (২২) আৰু চিচি বৰগাওঁৰ মনোৰঞ্জন শইকীয়া (২৩)। লক্ষণীয় যে, বাইথ' মন্দিৰ পৰিচালনা সমিতিৰ মালিকাধীন ৬ খন দোকানৰ দুখনতে দীৰ্ঘদিনয় পৰাই এই বৰবিহৰ বেপাৰ আব্যহত থকাৰ অভিযোগ উত্থাপন হৈ আহিছিল।
মন্দিৰৰ প্ৰবেশৰ সংলগ্ন এখন দোকানত দিনে-নিশাই মদৰ অবৈধভাৱে বেপাৰ চলি আছিল। একেদৰে আন এখনত ভাঙৰ ৰমৰমীয়া বেহা চলি থকা বুলি ৰাইজে অভিযোগ উত্থাপন কৰি আহিছে।
বাইথ' মন্দিৰৰ দৰে সোণোৱালসকলৰ এখন বিশেষ আধ্যাত্মিক অনুষ্ঠানৰ চৌহদতে চলি থকা এনেধৰণৰ অসামাজিক কাৰ্যকলাপৰ ঘটনাই ৰাইজক ভবাই তুলিছে। একেটা স্থানতে আছে সোণোৱাল কছাৰী জাতীয় কৃষ্টি বিকাশ কেন্দ্ৰ নামৰ অনুষ্ঠান।
এই ক্ষেত্ৰত কেৱল দোকানৰ ভাড়া সংগ্ৰহ কৰি তৃপ্তি লভা সমাজৰ বৰমুৰীয়াক ৰাইজে ধিক্কাৰ দিছে। সকলো দেখিও চকু মুদা কুলিৰ ৰূপ ধাৰণ কৰিছে বাইথ’ মন্দিৰ পৰিচালনা সমিতি আৰু কৃষ্টি বিকাশ কেন্দ্ৰই।
ভৱিষ্যত প্ৰজন্মৰ প্ৰতি প্ৰবল ভাবুকি সৃষ্টি কৰা বিষাক্ত দ্ৰব্যৰ বেপাৰীক শীঘ্ৰে উৎখাত কৰিবলৈ আৰক্ষী প্ৰশাসনৰ লগতে মন্দিৰ পৰিচালনা সমিতৰ প্ৰতি ৰাইজে আহ্বান জনাইছে। লগতে অঞ্চলটোত ড্ৰাগছ বিৰুধী অভিযান তীব্ৰ কৰি তুলিবলৈ দাবী জনাইছে।