চিলাপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনাঃথিতাতে নিহত দুজন

বাহনখনত থকা আঞ্চলিক সম্পাদক অচিন পেগু আৰু ক্ৰীড়া সম্পাদক নামকিৰ গাঁৱ নিবাসী সুশীল দলেৰ ঘটনাস্থলীতে মৃত্যু হয় ৷ ইপিনে লগত থকা সহযাত্ৰী লোকসকল গুৰুতৰভাৱে আহত হৈ ডিব্ৰুগড়ত চিকিৎসাধীন হৈ আছে ৷

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,চিলাপথাৰঃ চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দিপাত শনিবাৰে নিশা প্ৰায় ১১ মান বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ ডেকাপামৰ নিবাসী তথা মিচিং ছাত্ৰ সংগঠন TMPK ৰ ডেকাপাম আঞ্চলিক সমিতিৰ সম্পাদক অচিন পেগুৰ সৈতে চাৰিজন আঞ্চলিক সমিতিৰ সক্ৰিয় কৰ্মীয়ে ডিমৌ চাৰিআলিৰ পৰা ৰাষ্ট্ৰীয় ঘাই পথেৰে গাৱঁলৈ বুলি AS-22J--1585 নং চুইফট বাহনেৰে উভতি অছিল। এনে সময়তে চিলাপথাৰ দিপাত এখন টেক্টৰৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ হয় বাহনখনৰ ৷ 

উল্লেখ্য যে, বাহনখনত থকা আঞ্চলিক সম্পাদক অচিন পেগু আৰু ক্ৰীড়া সম্পাদক নামকিৰ গাঁৱ নিবাসী সুশীল দলেৰ ঘটনাস্থলীতে মৃত্যু হয় ৷ ইপিনে লগত থকা সহযাত্ৰী লোকসকল গুৰুতৰভাৱে আহত হৈ ডিব্ৰুগড়ত চিকিৎসাধীন হৈ আছে ৷ ঘটনাটো ইমানেই ভয়ানক আছিল যে চুইফট বাহনখন চূৰ্ণ বিচ্ছিন্ন হোৱাৰ লগতে টেক্টৰখনৰ ইঞ্জিনৰ ডালা আদি পৃথক হৈ পৰে। 

image (18)

চিলাপথাৰ