ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত সদৌ অসম ভিত্তিত পূর্ণাংগ নাট প্ৰতিযোগিতাৰ আয়োজন

জানুৱাৰী মাহৰ ২১,২২ আৰু ২৩ তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চিমেন চাপৰি শিল্পী সংঘৰ প্রাঙ্গনত অনুষ্ঠিত হ'ব অসম ভিত্তিত দ্বিতীয় বার্ষিক পূর্ণাংগ নাট প্রতিযোগিতা।

author-image
Asomiya Pratidin
New Update
csdsdsds

ডিজিটেল সংবাদ, চিলাপথাৰঃ সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত অসম নাট্য সম্মিলন, ধেমাজি জিলা সমিতি,ইজাবেলা নাট্য গোষ্ঠীৰ সহযোগত, চিমেন চাপৰি আঞ্চলিক ছাত্ৰ সন্থা আৰু চিমেন চাপৰিবাসী ৰাইজৰ আতিথ্যত জানুৱাৰী মাহৰ ২১,২২ আৰু ২৩ তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চিমেন চাপৰি শিল্পী সংঘৰ প্রাঙ্গনত অনুষ্ঠিত হ'ব অসম ভিত্তিত দ্বিতীয় বার্ষিক পূর্ণাংগ নাট প্রতিযোগিতা।

সোমবাৰে ধেমাজি জিলা ছাত্ৰ সন্থাই চিলাপথাৰস্থিত কাৰ্যালয়ত অনুষ্ঠিত কৰা এক সংবাদ মেলযোগে এই কথা সদৰি কৰে। তিনিদিনৰ পূৰ্ণাঙ্গ নাট প্ৰতিযোগিতাখনৰ বাবে ইতিমধ্যে উদযাপন সমিতিয়ে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।

২১ জানুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া প্ৰতিযোগিতাখনৰ পুৱা ১০ বজাত সদৌ অসম ছাত্ৰ সন্থা,অসম নাট্য সন্মিলন আৰু ইজাবেলা নাট্যগোষ্ঠীৰ পতাকা উত্তোলন, শ্বহীদ তৰ্পণৰ পিছত বিয়লি ৪.৪৫ বজাত অভ্যৰ্থনা সমিতিৰ সভাপতি গোপাল তামুলীৰ দ্বাৰা বন্তি প্ৰজ্বলনেৰে প্ৰতিযোগিতাৰ কাৰ্যসূচী আৰম্ভ হ'ব। উদ্বোধনী অনুষ্ঠানত সভাপতিত্ব কৰিব জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাসে। আদৰণি ভাষণ আগবঢ়াব জিলা ছাত্ৰ সন্থাৰ সম্পাদক জয়ন্ত বৰগোহাঁইয়ে।

এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপক তথা নাট্যকাৰ,পৰিচালক হিৰণ্য সভাপণ্ডিত। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক দীপক শৰ্মা,সদৌ অসম সোণৱাল কছাৰী ছাত্ৰ সন্থাৰ সম্পাদক পৰীক্ষিত সোণোৱাল,অসম নাট্য সন্মিলনৰ সাংগঠনিক সম্পাদক কনকেশ্বৰ ডেকা ৰাজখোৱা।

নৃত্যালয় ডান্স একাডেমীৰ দ্বাৰা পৰিৱেশন কৰা সাংস্কৃতিক কাৰ্যসূচীৰে নাট মঞ্চ উদ্বোধন কৰাৰ পিছত আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব নাটকৰ প্ৰতিযোগিতা। প্ৰথম দিনা নাট্যকাৰ প্ৰাঞ্জল বুঢ়াগোহাঁইৰ ৰচিত আৰু ধেমাজিৰ লিভিং থিয়েটাৰৰ দ্বাৰা অভিনীত 'চুকুৰমনি',অসম নাট্য সন্মিলন যোৰহাটৰ দ্বাৰা পংকজ কলিতাৰ ৰচিত আৰু পৰিচালিত " সমাধিৰ সিপাৰৰ সাধু ", অসম নাট্য সন্মিলন গোগামুখৰ দ্বাৰা জয়প্ৰকাশ পাণ্ডেৰ ৰচিত " আকাশৰ বোৱতী নৈ ", হাবুঙৰ শিল্পীৰ দ্বাৰা হেমন্ত বৰপাত্ৰ গোহাঁইৰ ৰচিত " AN UNCERTAIN STORY", আৰু হালালি কলচাৰেল গ্ৰুপৰ দ্বাৰা জীৱন টায়ে ৰচিত " সপোনৰ অন্ধ গলিত" নামৰ নাট প্ৰদৰ্শিত হ'ব।

দ্বিতীয় দিনা ধেমাজিৰ শিল্পীৰ দ্বাৰা পংকজ দাসৰ ৰচিত "আনাক", মিলনজ্যোতি সংঘ, শদিয়াৰ দ্বাৰা নাট্যকাৰ ৰাজীৱ লোচন বৰাৰ "মোৰ প্ৰেম তোমাৰ কবিতা", বৰ্ণম নাট্য চৰ্চা কেন্দ্ৰ বিশ্বনাথ চাৰিআলিৰ দ্বাৰা,নাট্যকাৰ পংকজজ্যোতি ভূঞাৰ "মধ্যাকৰ্ষণ",তিনিচুকীয়াৰ সূৰ্য্যমুখী নাট্যগোষ্ঠীৰ দ্বাৰা নাট্যকাৰ মধুমিতা পাটোৱাৰীৰ " জীয়া মানুহ", মিৰি জীয়ৰী নাট্যদল লখিমপুৰৰ দ্বাৰা নাট্যকাৰ প্ৰশান্ত সেনাৰ "কাৰাগাৰত কলিজা" আৰু অসম নাট্য সন্মিলন, শতাব্দী শাখা নগাঁৱৰ দ্বাৰা, নাট্যকাৰ নেত্ৰ কমল বৰাৰ "কেনভাছ" নামৰ নাট অভিনীত হ'ব। 

তৃতীয় দিনা উদযাপন সমিতিয়ে প্ৰস্তুত কৰি উলিওৱা স্মৃতিগ্ৰন্থ উন্মোচন কৰিব মৰিধল মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দ্বিপেন শইকীয়াই। অন্তিম দিনা বৰদৌলগুৰি, ইউথ ক্লাৱ, ছিপাঝাৰৰ দ্বাৰা, নাট্যকাৰ সুশীল কুমাৰ নাথৰ, "যেন সূৰ্য্যমুখী ফুল", কলিয়াবৰৰ ঠেউকি নাট্য গোষ্ঠীৰ দ্বাৰা, মনি হাজৰিকা ৰচিত "কেঁকোৰা", ঘিলামৰাৰ ইংগিত নাট্য গোষ্ঠীৰ দ্বাৰা নাট্যকাৰ হৰেণ শইকীয়াৰ "দেওশাল", শদিয়াৰ light of life ৰ দ্বাৰা নাট্যকাৰ ৰাজীৱ লোচন বৰাৰ "জিভা " নামৰ নাটৰ অভিনয় হ'ব।

ইফালে, বিজয়ী দলসমূহক ক্ৰমে ৫০ হাজাৰ, ৩০ হাজাৰ, ১৫ হাজাৰকৈ পুৰস্কাৰ ঘোষণা কৰিছে ছাত্ৰ সন্থাই। ইয়াৰোপৰি শ্ৰেষ্ঠ পাণ্ডুলিপি, শ্ৰেষ্ঠ অভিনেতা, শ্ৰেষ্ঠ অভিনেত্ৰী, শ্ৰেষ্ঠ শিশু অভিনেতা, শ্ৰেষ্ঠপৰিচালক আৰু শ্ৰেষ্ঠ কৌতুক অভিনেতালৈ ৩ হাজাৰকৈ পুৰস্কাৰ এই সংবাদমেলযোগে ঘোষণা কৰিছে ছাত্ৰ সন্থাই। তিনিদিনৰ কাৰ্যসূচীলৈকে জিলাখনৰ সকলো ৰাইজক সংবাদমেল যোগে আমন্ত্ৰণ জনাইছে সংগঠনটোৱে।

চিলাপথাৰ