ভাৰতবৰ্ষত বাস কৰা মুছলমান সকলক হিন্দু হোৱাৰ আহ্বান শিলাদিত্যৰ...

ভাৰতবৰ্ষত বসবাস কৰা মুছলমান সকলক হিন্দু হোৱাৰ আহ্বান হিন্দুত্ববাদী নেতা তথা বিজেপিৰ ভাষিক সংখ্যালঘু পৰিষদৰ সভাপতি শিলাদিত্য দেৱৰ | ভাৰতবৰ্ষত ১৬ টা অনুসূচিত জাতি পৰিষদ আছে মুছলমান

author-image
Asomiya Pratidin
New Update
ujj

ডিজিটেল সংবাদ, বিলাসীপাৰাঃ  ভাৰতবৰ্ষত বসবাস কৰা মুছলমান সকলক হিন্দু হোৱাৰ আহ্বান হিন্দুত্ববাদী নেতা তথা বিজেপিৰ ভাষিক সংখ্যালঘু পৰিষদৰ সভাপতি শিলাদিত্য দেৱৰ | ভাৰতবৰ্ষত ১৬ টা অনুসূচীত জাতি পৰিষদ আছে মুছলমান সকলে হিন্দু হৈ আহক তুর্ক কমিউনিটিত অন্তর্ভুক্ত কৰি ১৭ টা অনুসূচীত জাতিৰ মৰ্য্যদা দিয়া হব বুলি বিস্ফোৰক মন্তব্য আগবঢ়ায় প্ৰক্তন বিধায়ক শিলাদিত্য দেৱে ৷ 

Advertisment

বিলাসীপাৰাৰ ঘোষপাৰাত হোজাইৰ প্রাক্তন বিধায়ক তথা বিজেপিৰ নেতা শিলাদিত্য দেৱ উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত কেতবোৰ বিস্ফোৰক মন্তব্য আগবঢ়ায় । বিলাসীপাৰাৰ নিত্যানন্দ মেমোৰিয়াল ট্ৰাষ্টৰ নৱ নিৰ্মিত ভৱনৰ শুভ উদ্বোধন কৰি কঠোৰ হিন্দুত্ববাদী নেতাগৰাকীয়ে আৰু কয় যে  আমাৰ পূর্বজ সকলে ভুল সিদ্ধান্ত গ্ৰহণ কৰি নিজৰ ভৰিত নিজেই কুঠাৰ মাৰিছে ভাৰতবৰ্ষক ধৰ্ম নিৰপেক্ষ দেশ সজায় ।

১৯৬৭ চনত সংবিধানত ভাৰতবৰ্ষক ধৰ্মীয় নিৰপেক্ষ দেশ বুলি সন্নিৱিষ্ট কৰাৰ দিনটোৰ পৰাই ভাৰতবৰ্ষ খনক ইছলামিক দেশ হিচাপে পৰিগণিত কৰাৰ অহৰহ চেষ্টা চলাই আহিছে মুছলমান সকলে । তাৰ আগতে ভাৰতবৰ্ষ আছিল সর্ব ধৰ্মীয় ৰাষ্ট্ৰ। কংগ্ৰেছ কমিউনিষ্ট আৰু মুছলিম লীগ এই তিনি মূৰ্তি দলে একগোট হৈ ভাৰতৰ হিন্দু মুছলমানক ভাগ ভাগ কৰিছে ।

মই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক কম যে এই মাদানী, ছৈয়দা হামিদক ভাৰতবৰ্ষৰ পৰাই বাহিৰ কৰি দিব লাগে। যদি ইয়াতে থাকিব লাগে তেনেহলে সংখ্যালঘুৰ নিচিনা হৈ থাকিব লাগিব অন্যথা অসমত বুল ডজাৰ দ্বিগুণ গতিত  চলিব। আজি নামনি অসমৰ ধুবুৰী জিলাত আহি মোৰ মানসিক পট পৰিৱৰ্তন হৈছে, ধুবুৰীৰ সাময়িক দৃশ্য পট প্ৰত্যক্ষ কৰি MLA , MP হোৱাৰ আশা বাদ দি এতিয়া বুল ডজাৰ চালক হোৱাৰ আশা কৰিছোঁ। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক কম যে মোক এখন বুল ডজাৰ চলোৱাৰ লাইচেন্স বনাই দিবলৈ। আৰু নিজ হাতেৰে বুল ডজাৰ চলাই আৰু অধিক উচ্ছেদ অভিযান চলাম | নেতা গৰাকীৰ এনে মন্তব্যই জিলা খনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে |