/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/08/llppppa.jpg)
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে শিলাদিত্যক গ্ৰেপ্তাৰ কৰা বুলি খবৰ প্ৰচাৰ কৰিলেও আচলতে বিধায়কগৰাকীক শুকুৰবাৰে গ্ৰেপ্তাৰ কৰা হোৱা নাছিল। ডিঙিত গামোছা আৰু চুৰীয়া পিন্ধি শুকুৰবাৰে বটদ্ৰৱা স্থানত ব্যস্ত আছিল বিধায়কগৰাকী। বিয়লি ২বজাত জাতীয় সাজপাৰ পৰিধান কৰি থানত উপস্থিত হোৱা শিলাদিত্য প্ৰথমে যায় কীৰ্তন ঘৰলৈ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/08/ea1436cd-7f62-4652-8a99-6b240de9c593-1024x768.jpg)
তাত সেৱা জনাই টিলিঙা বৃক্ষ আৰু আকাশী গংগা, হাতী পুখুৰী পদশিলা দৰ্শন কৰি বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামী আৰু সম্পাদক ইন্দমোহন বৰুৱাৰ সৈতে থানৰ কাৰ্যালয়ত বটদ্ৰৱাৰ সন্দৰ্ভত আলোচনা কৰে। শিলাদিত্যক গামোছাৰে আদৰণি জনায় থান কমিটিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/08/1dae359b-8cf9-46e7-aba7-88a0246dfb3c-1024x768.jpg)
তাৰ পিছত তেওঁ কয়, মই গুৰুজনাৰ একান্ত সেৱক। মহাপুৰুষ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত উপস্থিত মই এক অনাবিল আনন্দ লাভ কৰো। বৰদোৱা অসমীয়া বৈষ্ণৱ সংস্কৃতিৰ নাভিকেন্দ। বটদ্ৰৱাৰ দৌল উৎসৱক চৰকাৰে পৃষ্ঠপোষকতাত কৰিলে ই এক বিশ্বমানৰ উৎসৱ হৈ পৰিব। চৰকাৰে বৃন্দাবন, জগন্নাথ, মক্কা আদি দৰে বিভিন্ন ধৰ্মাৱলম্বী লোকৰ তীৰ্থ দৰ্শনৰ ক্ষেত্ৰত যেনেদৰে চৰকাৰী সাহাৰ্য্য প্ৰদান কৰে তেনেকৈ বটদ্ৰৱা থানলৈ আহিব বিচৰা তীৰ্থযাত্রী সকলকো চৰকাৰী সাহাৰ্য্য, সুবিধা প্ৰদান কৰিব লাগে। মই ভবিষ্যতৰ সময়ত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ উন্নয়ন প্ৰচাৰ প্ৰসাৰৰ বাবে হৈ মাত মাতি যাম।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/08/54293343-7ba7-457a-ba0e-8cff714f3be3-1024x768.jpg)
উল্লেখ্য যে, এ বি পি নিউজে বিৰ্তকিত এই বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰা বুলি এক খবৰ প্ৰকাশ কৰিছিল। তাৰ পিছতে এই খবৰৰ সত্যতাৰ সন্দৰ্ভত অসমীয়া প্ৰতিদিনে খবৰ প্ৰকাশ কৰিছিল। বিশিষ্ট সাহিত্যিক চৈয়দ আব্দুল মালিকৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা বিধায়কজনৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু হৈছে।