শিলাদিত্য দেৱক গ্ৰেপ্তাৰ! ৰাষ্ট্ৰীয় মাধ্যমৰ খবৰ সচাঁনে মিছা…

শিলাদিত্য দেৱক গ্ৰেপ্তাৰ! ৰাষ্ট্ৰীয় মাধ্যমৰ খবৰ সচাঁনে মিছা…

author-image
asomiyapratidin
New Update
শিলাদিত্য দেৱক গ্ৰেপ্তাৰ! ৰাষ্ট্ৰীয় মাধ্যমৰ খবৰ সচাঁনে মিছা…

ডিজিটেল ডেস্কঃ হোজাইৰ বিধায়ক শিলাদিত্য দেৱক গ্ৰেপ্তাৰ কৰা বুলি এক খবৰ চৰ্চা হৈছে। চৈয়দ আব্দুল মালিকৰ সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰাৰ বাবে বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল বুলি ৰাষ্ট্ৰীয় সংবাদমাধ্যত এ বি পিত প্ৰকাশ পাইছে। উল্লেখ্য যে, বিধায়কগৰাকীয়ে বিশিষ্ট সাহিত্যিক চৈয়দ আব্দুল মালিকক জেহাদী বুদ্ধিজীৱি আখ্যা দিছিল। এই সন্দৰ্ভত কেইবাটাও গোচৰ ৰুজু কৰা হৈছে।

Advertisment

সেই গোচৰতে বিজেপিৰ বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত খবৰ প্ৰচাৰ হলেও অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ হাতত পৰা তথ্য অনুসৰি বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত আৰক্ষীয়ে কোনো তথ্য প্ৰকাশ কৰা নাই। হোজাই আৰক্ষীয়ে এই খবৰ অস্বীকাৰ কৰাৰ লগতে বিধায়কজনৰ ঘনিষ্ঠ সূত্ৰই এয়া মিছা খবৰ আখ্যা দিয়ে।