/asomiyapratidin/media/media_files/2026/02/08/67-2026-02-08-15-26-52.jpg)
ডিজিটেল ডেস্ক : লক্ষ্য অস্তিত্ব ৰক্ষাৰ সংকট ৰোধৰ ! এটা, দুটা নহয়; এইবাৰ সাতটা প্ৰস্তাৱেৰে দুদিনীয়াকৈ শিক্ষা অভিৱৰ্তনৰ আয়োজন কৰা হৈছে। গুৱাহাটী কমাৰ্চ কলেজ সমীপৱৰ্তী শিক্ষক ভৱনত ৭ আৰু ৮ ফেব্ৰুৱাৰী এই দুদিনীয়াকৈ শিক্ষা অভিৱৰ্তনৰ আয়োজন কৰা হৈছে।
উল্লেখযোগ্য যে, অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত ৰাজহুৱা প্ৰাথমিক বিদ্যালয়সমূহে সন্মুখীন হোৱা অস্তিত্ব ৰক্ষাৰ সংকট ৰোধক লক্ষ্যৰে এই শিক্ষা অভিৱৰ্তন অনুষ্ঠিত হয়। এই অভিৱৰ্তনত বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট লোকৰ লগতে যুৱ প্ৰতিনিধিসকলক আমন্ত্ৰণ জনাই তেওঁলোকৰ মত গ্ৰহণ কৰে সংস্থাটোৱে।
অভিৱৰ্তনত সাংবাদিক, বুদ্ধিজীৱি, ছাত্ৰ- যুৱ সংগঠন, শিক্ষাবিদ সমম্বিতে বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে। লগতে তেওঁলোকে বিষয়বস্তু সম্পৰ্কত নিজ নিজ মত ব্যক্ত কৰে।
ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলনেৰে আৰম্ভ কৰা আজিৰ এই অভিৱৰ্তনত সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য তথা আছুৰ শিক্ষা সম্পাদকক প্ৰমুখ্য কৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ ডেস্ক এডিটৰ মৃদুল কুমাৰ সন্দিকৈও উপস্থিত থাকি সাৰগৰ্ভ ভাষণ প্ৰদান কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/08/whatsapp-image-2026-2026-02-08-15-27-09.jpeg)
উল্লেখ কৰা প্ৰয়োজন যে, চৰকাৰে গ্ৰহণ কৰা নতুন শিক্ষানীতি সম্পৰ্কত আজিৰ অভিৱৰ্তনত বক্তাসকলে মিশ্ৰিত প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হয়। এচামে এই শিক্ষা ব্যৱস্থাক গ্ৰহণ কৰি আগুৱাই যাবলৈ পৰামৰ্শ আগবঢ়াই যদিও আন একাংশই ইয়াৰ বিৰোধিতা কৰে।
ৰাজ্য চৰকাৰৰে শিক্ষা বিভাগত গ্ৰহণ কৰা বিভিন্ন কাৰ্যপন্থাৰো বিৰোধিতা কৰে একাংশ বক্তাই। ৰাজ্য চৰকাৰে কিছুমান বিদ্যালয় বন্ধ কৰা কাৰ্যক ধিক্কাৰ দি এয়া শিক্ষাৰ সংকোচন কৰিব বিচৰা বুলি মন্তব্য কৰে। তাৰোপৰি মহেশ্বৰ নেওগে অধ্যয়ন কৰা মহাত্মা গান্ধীৰ নামত থকা স্কুল চৰকাৰে বন্ধ কৰাৰ কথা ভাষণ প্ৰসংগত ব্যক্ত কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/08/whatsapp-image-2026-2026-02-08-15-28-58.jpeg)
উপস্থিত বক্তাই আৰু কয়- চৰকাৰে এতিয়া প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলক জধে- মধে কামত খটুৱাই শিক্ষকৰ মৰ্যাদা লাঘৱ কৰিছে। এইক্ষেত্ৰত প্ৰাথমিক শিক্ষক গোট তথা অভিভাৱকসকল একলগ হ’ব লাগিব বুলি দোহাৰে। প্ৰয়োজনত গণ আন্দোলনৰো হুংকাৰ প্ৰদান কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/08/whatsapp-image-2026-02-08-15-28-43.jpeg)
অনুষ্ঠানত উপস্থিত থাকি মৃদুল কুমাৰ সন্দিকৈয়ে কয়- শিক্ষক সমাজৰ প্ৰতি পূৰ্বতে যি আমাৰ শ্ৰদ্ধা- ভক্তি আছিল, সেই শ্ৰদ্ধা- ভক্তি ক’ৰবাত হেৰাই গৈছে। এতিয়া সময়ৰ পৰিৱৰ্তন ঘটিছে, গতিকে শিক্ষকসকল এতিয়া শিক্ষক হৈ থকা নাই। শিক্ষকসকলক মাল্টিপাৰ্পাচ ৱৰ্কাৰলৈ বদলি হৈছে। যাৰ বাবে শিক্ষকসকলে যথোপযুক্ত সময় ছাত্ৰ- ছাত্ৰীক দিব নোৱাৰা হৈছে। আনহাতে অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অসম জাতীয় বিদ্যালয়ে গ্ৰহণ কৰা ‘প্ৰণামো মাতৃভাষা’ আঁচনিৰ কথা দোহাৰে সন্দিকৈয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/08/whatsapp-im-2026-02-08-15-29-14.jpeg)
প্ৰণিধানযোগ্য যে, ৭টা দাবী চনদৰে আয়োজিত এইবাৰৰ শিক্ষা অভিৱৰ্তনৰ এই প্ৰস্তাৱকেইটা হৈছে-
- ক) শিক্ষা অভিৱৰ্তনে ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা নিৰ্বাচন আৰু প্ৰাকৃতিক দুৰ্যোগৰ বাদে আন কোনো ধৰণৰ অনাশৈক্ষিক আৰু পাঠ্যক্ৰম বৰ্হিভূৰ্ত কামত প্ৰাথমিক বিদ্যালয়ৰ কোনো শিক্ষককে নিয়োগ নকৰিবলৈ শিক্ষা বিভাগক পৰামৰ্শ দিয়ে।
- খ) শিক্ষা অভিৱৰ্তনে প্ৰাথমিক বিদ্যালয়ত শ্ৰেণীয়ে প্ৰতি এজন আৰু সৰহ শিক্ষাৰ্থীৰ বিদ্যালয়ত ২০ : ১ হাৰত শ্ৰেণী বিভাজন নকৰাৰকৈ অতিৰিক্ত শিক্ষক নিয়োগ কৰাৰ বাবে শিক্ষাৰ অধিকাৰ আইন পুনৰ সংশোধন কৰাৰ পৰামৰ্শ দিয়ে।
- গ) শিক্ষা অভিৱৰ্তনে শিক্ষকৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণসমূহ শিক্ষাবৰ্ষৰ প্ৰাৰম্ভিকতে শ্ৰেণী দিনৰ ক্ষতি নোহোৱাকৈ অনুষ্ঠিত কৰাৰ পৰামৰ্শ দিয়ে।
- ঘ) ৰাজ্যৰ সকলো ৰাজনৈতিক দলকে ৰাজহুৱা প্ৰাথমিক বিদ্যালয়সমূহৰ উত্তৰণৰ বাবে শিক্ষকক শ্ৰেণীকোঠাত সীমাবদ্ধ কৰি ৰখাৰ বাবে পাঠ্যক্ৰম বহিৰ্ভুত কামৰ পৰা অৱ্যাহতি দিয়া, শ্ৰেণী আৰু শিক্ষাৰ্থী অনুপাতে শিক্ষক নিয়োগ কৰা, শিক্ষকৰ শ্ৰেণী বিভাজন বন্ধ কৰি ভিন্ন সমস্যা সমাধান কৰাৰ ঘোষণাপত্ৰ প্ৰকাশৰ পৰামৰ্শ দিয়ে।
- ঙ) ৰাজ্যৰ শিক্ষাবৰ্ষ পুনৰাই জানুৱাৰীৰ পৰা ডিচেম্বৰ কৰাৰ বাবে পৰামৰ্শ প্ৰদান কৰে।
- চ) সকলো বাধা আঁতৰাই ৰাজ্যৰ প্ৰতিখন প্ৰাথমিক বিদ্যালয়ত প্ৰধানশিক্ষকৰ পদ সৃষ্টি কৰি প্ৰশাসনিক দিশ শক্তিশালী কৰাৰ বাবে পৰামৰ্শ দিয়ে।
- ছ) শিক্ষা অভিৱৰ্তনে প্ৰাথমিক বিদ্যালয়ৰ সমস্যাসমূহ নজৰত ৰাখি ৰাজহুৱা শিক্ষাক মাত্ৰা প্ৰদান কৰিবলৈ এখনি ৭জনীয়া সমিতি গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us