/asomiyapratidin/media/media_files/2025/12/17/ujjjdd-2025-12-17-11-38-20.jpg)
ডিজিটেল ডেস্কঃ ২০২৬ত স্মাৰ্টফোনৰ বজাৰখনৰ বাবে আহি আছে বেয়া দিন। এক সমীক্ষাত পোহৰলৈ আহিছে এই তথ্য। ২০২৬ত স্মাৰ্টফোনৰ বজাৰখন ২.১শতাংশ অৱনতি ঘটিব বুলি পোহৰলৈ আহিছে। এই সমীক্ষাত পোহৰলৈ অহা তথ্য অনুসৰি, ২০২৬ত সমগ্ৰ বিশ্বত ২০২৫ৰ তুলনাত স্মাৰ্টফোনৰ বিক্ৰী হ্ৰাস পাব।
এই সমীক্ষা পোহৰলৈ অহাৰ পাছতে চিন্তা বাঢ়িছে স্মাৰ্টফোন নিৰ্মাণকাৰী প্ৰতিষ্ঠানসমূহ। ইফালে ২০২৬ৰ পৰা স্মাৰ্টফোনৰ দামো বৃদ্ধি পাব পাৰে। কিয়নো শেহতীয়াকৈ স্মাৰ্টফোনৰ চিপসমূহৰ মূল্য যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। চেমচঙত ব্যৱহৃত হোৱা চিপৰ মূল্য ২.১ শতাংশ, আইফোনত ব্যৱহৃত চিপৰ মূল্য ২.২শতাংশ পৰ্যন্ত বৃদ্ধি পাইছে।
এনে বৰ্দ্ধিত মূল্যৰ বাবে স্মাৰ্টফোনসমূহৰ নিৰ্মাণৰ বাবে পূৰ্বতকৈ ১০-১৫শতাংশ পৰ্যন্ত খৰছ বৃদ্ধি পাইছে। এনে পৰিপ্ৰেক্ষিতত যদিহে স্মাৰ্টফোনৰ দাম বৃদ্ধি পায় তেনেহলে গ্ৰাহকৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পৰিব।
এই সমূহ তথ্য পোহৰলৈ অহাৰ মাজতে কাউন্টাৰ স্পাইট ৰিছাৰ্জে চলোৱা সমীক্ষাত পোহৰলৈ আহিছে যে, ২০২৫ৰ তুলনাত ২০২৬ত স্মাৰ্টফোনৰ বিক্ৰী সমগ্ৰ বিশ্বত হ্ৰাস পাব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us