/asomiyapratidin/media/media_files/2025/09/12/322-2025-09-12-21-03-06.jpg)
ডিজিটেল ডেস্ক : ভাৰতীয় সেনাবাহিনীৰ অন্তৰ্গত গজৰাজ কৰ্পছ ১৯৪২ চনত স্থাপিত হৈছিল। তেজপুৰ জিলাত মুখ্য কাৰ্যালয় থকা গজৰাজ কৰ্পছে সময়ে সময়ে বহুখিনি সামাজিক কাম কৰি আহিছে।
স্বাস্থ্য শিবিৰৰ পৰা আৰম্ভ কৰি শিক্ষাৰ্থী সমাজৰ হিতৈষী বহুতো পদক্ষেপ গ্রহণ কৰিছে তাৰে ভিতৰত এটি উল্লেখযোগ্য পদক্ষেপ হৈছে ইন্টাৰ্ণশ্বিপ অনুষ্ঠান। ২০২৫ চনৰ ১ জুলাই পৰা আৰম্ভ হোৱা এই অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ ২১ গৰাকী শিক্ষাৰ্থী সংযুক্ত হয়।
তেওঁলোকক যুদ্ধৰ সময়ত ব্যৱহাৰ কৰা যোগাযোগৰ মাধ্যমকে ধৰি বহুতো অত্যাধুনিক যন্ত্রৰ জ্ঞান প্ৰদান কৰা হয়। ইয়াৰ উপৰিও সেনাবাহিনীৰ নিয়মানুবর্তিতা লগতে সংকটৰ সময়ত ল'ব লগীয়া বহু পদক্ষেপৰ কথা অৱগত কৰে।
এই ইন্টাৰ্ণশ্বিপ অনুষ্ঠানৰ জৰিয়তে সেনাবাহিনীয়ে ৭ তাৰিখৰ পৰা ১১ তাৰিখলৈ "সীমান্ত দৰ্শন" শীৰ্ষক অনুষ্ঠানৰ জৰিয়তে অৰুণাচল প্ৰদেশৰ প্ৰান্তীয় বহু ঠাই ভ্ৰমণৰ কাৰ্য্যসূচী গ্ৰহণ কৰিছে। ১৯৬২ চনৰ চীন-ভাৰতৰ যুদ্ধৰ ইতিহাস সামৰা অৰুণাচলৰ বিভিন্ন ঠাইৰ ভ্ৰমণে শিক্ষাৰ্থীসকলক ভাৰতীয় সেনাবাহিনীৰ গৌৰৱোজ্জ্বল ইতিহাসৰ বিষয়ে বিতংকৈ জনাত সহায় কৰিব।
৭ চেপ্তেম্বৰত শিক্ষাৰ্থীসকলক অৰুণাচল প্ৰদেশৰ টেঙাৰ পশ্চিম কামেং অঞ্চলত অৱস্থিত "বল অফ্ ফায়াৰ" নামৰ সংগ্ৰহালয় ভ্ৰমণ কৰোৱা হয়। য'ত ১৯৬২ চনৰ চীন-ভাৰতৰ যুদ্ধৰ কামেং অঞ্চলত সংঘটিত অংশৰ বহুতো তথ্যৰ লগতে সেই সময়ৰ বীৰ যোদ্ধা সকলৰ বহুতো তথ্য সংৰক্ষিত হৈ আছে।
আনহাতে ৮ চেপ্তেম্বৰত টাৱাঙত অৱস্থিত পৃথিৱীৰ দ্বিতীয় সৰ্ববৃহৎ বৌদ্ধবিহাৰ পৰিদৰ্শন কৰোৱা হয়। ইয়াৰ উপৰিও ১৯৬২ চনৰ চীন ভাৰতৰ মহাসমৰৰ শ্বহীদ সকলৰ স্মৃতিত তথা শ্ৰদ্ধা জনোৱাৰ বাবে নিৰ্মাণ কৰা "টাৱাং ৱাৰ মেমোৰিয়েল" পৰিদৰ্শন কৰোৱাৰ লগতে সেনাবাহিনীৰ বিষয়ববীয়াৰ দ্বাৰা সম্পূর্ণ ইতিহাস তথা তথ্য সমূহ তন্নতন্নকৈ ব্যক্ত কৰা হয়।
সেই স্মৃতিসৌধৰ সমীপতে থকা বব খাথিং সংগ্ৰহালয় তথা 'লাইট শ্ব'ৰ দ্বাৰা ভাৰতীয় সেনাবাহিনীৰ বহু ইতিহাস ব্যক্ত কৰা হয়। বব খাথিঙৰ দৰে মহান ব্যক্তিৰ জীৱনৰ দৰ্শন তথা তেওঁৰ দেশৰ প্ৰতি আৰু বিশেষকৈ অৰুণাচল প্ৰদেশৰ প্ৰতি থকা অনবদ্য অৱদানৰ বিষয়ে সংগ্রহালয়ত বহু খিনি তথ্য সংৰক্ষিত হৈ আছে।
৯ চেপ্তেম্বৰ তাৰিখে ভ্ৰমণ কৰোৱা হয় ভাৰত-চীন সীমান্ত বোমলা। সমূদ্র পৃষ্ঠৰ পৰা ১৫২০০ ফুট উচ্চতাত অৱস্থিত এই ঠাইখনৰ পৰাই আমাৰ ভাৰতীয় সীমান্তৰক্ষী সকলো প্ৰতিকূল বতৰত নেওচি দেশমাতৃক ৰক্ষণাবেক্ষণ দিয়ে।
সীমান্তত তেওঁলোক আছে বাবে আমি ভাৰতীয় সকলে সুৰক্ষিত ভাৱে জীয়াই আছো। তেওঁলোকৰ দেশপ্রেম সচাঁ অৰ্থত লেখত ল'ব লগীয়া। এই ভ্ৰমণৰ শেষৰটি দিন অৰ্থাৎ ১১ ছেপ্তেম্বৰ তাৰিখে পৰিদৰ্শন কৰোৱা হয় টাৱাং জিলাৰ নুৰানাং অঞ্চলত অৱস্থিত যশৱন্ত গড় স্মৃতিসৌধ।
উল্লেখ্য যে, ১৯৬২ চনৰ ভাৰত চীন যুদ্ধৰ ৪ গড়োৱাল ৰাইফল ৰেজিমেন্টৰ সাহসী যোদ্ধা যশৱন্ত সিং ৰাৱতৰ স্মৃতিত নিৰ্মাণ হৈছিল এই স্মৃতিসৌধ। দেশপ্রেমক এক উৎকৃষ্ট নিদর্শন হৈছে যশৱন্ত সিং ৰাৱত, মৃত্যু পৰ্যন্ত নিজৰ দেশৰ এক ইঞ্চি মাটি এৰি নিদিও বুলি লোৱা সংকল্প দৃঢ় কৰি তেওঁ অকলশৰে চীনা সৈন্যৰ সৈতে ৭২ ঘন্টা যুদ্ধ কৰি শেষত শ্বহীদ বৰণ কৰে কিন্তু মৃত্যু পর্যন্ত নিজৰ পোষ্ট এৰি নিদিয়াকৈ শেষ উশাহলৈ যুদ্ধ কৰে।
তেওঁৰ বীৰত্বক সন্মান জনোৱাৰ বাবে ভাৰত চৰকাৰে তেওঁক মৰণোত্তৰ ভাৱে মহাবীৰ চক্ৰ সন্মানেৰে সন্মানিত কৰা হয়।সৈন্য বাহিনীৰ বিশ্বাস মতে যশৱন্ত সিং ৰাৱত আজিও সেই পোষ্টৰ নিৰীক্ষণত নিয়োজিত হৈ আছে সেয়েহে সেই ঠাইক তেওঁৰ স্মৃতিত যশৱন্ত গড় নামেৰে নামাকৰণ কৰা হয়। তাৰ পিছতে পৰিভ্ৰমণ কৰোৱা হয় সমূদ্র পৃষ্ঠৰ পৰা ১৩,০০০ ফুট উচ্চতাত অৱস্থিত চেলা সুৰংগ যি বিশ্বৰ উচ্চতম সুৰংগৰ ভিতৰত অন্যতম ,যিয়ে সেই ঠাইৰ পৰিবহণ সুচল কৰি তুলিছে।
ভাৰতীয় সেনাবাহিনীয়ে কেৱল মাত্ৰ সীমান্ত ৰক্ষা কৰাই নহয়, জনসাধাৰণৰ সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক আৰু ক্ৰীড়া ক্ষেত্রত উন্নয়নৰ লগতে বহুদিশত অহোপুৰুষাৰ্থ কৰি আহিছে। সেনা বাহিনী হৈছে দেশৰ ধ্বজা এক গৌৰৱময়ী যাত্ৰাৰ অংশীদাৰ। তেওঁলোকে সীমান্তত উজাগৰে থকাৰ বাবে আমি ভাৰতীয় জনসাধাৰণে নিচিন্ত ভাৱে থাকিব পৰিছো, তেওঁলোকৰ প্ৰতি সমগ্র দেশ কৃতজ্ঞ।