তেজপুৰ বিশ্ববিদ্যালয়ৰ নেতৃত্বত পিত্তাশয়ৰ কৰ্কটৰোগ আগতীয়াকৈ চিনাক্তকৰণৰ দিশত গুৰুত্বপূৰ্ণ অগ্ৰগতি

তেজপুৰ বিশ্ববিদ্যালয়ৰ আণৱিক জীৱবিজ্ঞান আৰু জৈৱ-প্ৰযুক্তি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডঃ পঙ্কজ বৰা আৰু গৱেষিকা ডঃ চিন্ময়ী বৰুৱাৰ নেতৃত্বত সম্পন্ন হৈছে এক বিশেষ গৱেষণা। দুয়োগৰাকী অধ্যাপকৰ শেহতীয়া গৱেষণাত তেজত থকা কিছুমান নিৰ্দিষ্ট ৰাসায়নিক উপাদান বা মেটাব’লাইট চিনাক্ত কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
601

ডিজিটেল সংবাদ, তেজপুৰ : তেজপুৰ বিশ্ববিদ্যালয়ৰ আণৱিক জীৱবিজ্ঞান আৰু জৈৱ-প্ৰযুক্তি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডঃ পঙ্কজ বৰা আৰু গৱেষিকা ডঃ চিন্ময়ী বৰুৱাৰ নেতৃত্বত সম্পন্ন হৈছে এক বিশেষ গৱেষণা। দুয়োগৰাকী অধ্যাপকৰ শেহতীয়া গৱেষণাত তেজত থকা কিছুমান নিৰ্দিষ্ট ৰাসায়নিক উপাদান বা মেটাব’লাইট চিনাক্ত কৰা হৈছে।

যিবোৰৰ সহায়ত পিত্তাশয়ৰ কৰ্কটৰোগ আগতীয়াকৈ, সহজে আৰু তুলনামূলকভাৱে কম খৰছত ধৰা পেলোৱা সম্ভৱ হ’ব বুলি গৱেষকসকলে আশা প্ৰকাশ কৰিছে। গৱেষণাটোৱে পিত্তাশয়ৰ পাথৰৰ সৈতে জড়িত আৰু পাথৰবিহীন কৰ্কটৰোগক পৃথককৈ চিনাক্ত কৰাৰ এক নতুন পথো মুকলি কৰিছে। চিকিৎসা বিশেষজ্ঞসকলৰ মতে, এই আৱিষ্কাৰে নীৰৱভাৱে বাঢ়ি যোৱা আৰু অতি আক্রমণাত্মক পিত্তাশয়ৰ কৰ্কটৰোগক প্ৰাথমিক পৰ্যায়তেই চিনাক্ত কৰাত সহায়ক হ’ব পাৰে।

অসমসহ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত পিত্তাশয়ৰ কৰ্কটৰোগে গুৰুতৰ স্বাস্থ্য সমস্যা ৰূপে আত্মপ্ৰকাশ কৰিছে। বিশ্বৰ পৰিসংখ্যা অনুসাৰে পিত্তাশয়ৰ কৰ্কটৰোগীৰ সংখ্যাৰ ক্ষেত্ৰত চিলি আৰু ব’লিভিয়াৰ পিছতে ভাৰতৰ স্থান, আৰু অসমৰ ক্ষেত্ৰত এই ৰোগৰ প্ৰাদুৰ্ভাৱ দেশৰ ভিতৰতে আটাইতকৈ অধিক।

যদিও বিশ্বব্যাপী পিত্তাশয়ৰ পাথৰক এই কৰ্কটৰোগৰ মুখ্য বিপদজনক কাৰক হিচাপে গণ্য কৰা হয়, অসমৰ ক্ষেত্ৰত প্ৰায় ৭০ শতাংশতকৈ অধিক ৰোগী পাথৰ নথকাৰ সত্ত্বেও এই ৰোগত আক্ৰান্ত হয়। বিশ্বৰ আন অংশত তুলনামূলকভাৱে কম দেখা পোৱা এই কৰ্কটৰোগটো অসম আৰু উত্তৰ-পূব ভাৰতত তৃতীয় সৰ্বাধিক হোৱা কৰ্কটৰোগ হিচাপে চিহ্নিত হৈছে।

পিত্তাশয়ৰ কৰ্কটৰোগ সাধাৰণতে কোনো লক্ষণ নেদেখুৱাকৈ আৰম্ভ হয় আৰু সময়ৰ সৈতে গুৰুতৰ পৰ্যায়লৈ আগবাঢ়ে। বেছিভাগ ক্ষেত্ৰতে ৰোগী অন্য সমস্যাৰ বাবে চিকিৎসকৰ ওচৰলৈ যোৱাৰ পাছতহে এই ৰোগ ধৰা পৰে। বহু সময়ত পিত্তাশয়ৰ পাথৰ বা জণ্ডিছৰ চিকিৎসাৰ সময়তেই কৰ্কটৰোগৰ অস্তিত্ব পোহৰলৈ আহে।

সেই পৰ্যায়ত শল্য চিকিৎসাৰ জৰিয়তে পিত্তাশয় আঁতৰোৱা অত্যন্ত জটিল বা অসম্ভৱ হৈ পৰে। যদিও কেম’থেৰাপী আৰু ৰেডিঅ’থেৰাপীৰ সহায়ত কিছু সময়লৈ ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি, তথাপিও এই মাৰাত্মক কৰ্কটৰোগ সম্পূৰ্ণৰূপে ৰোধ কৰাটো কঠিন।

বিশ্বৰ আন অঞ্চলৰ তুলনাত গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ অৱবাহিকাত পিত্তাশয়ৰ কৰ্কটৰোগ অধিক কিয় দেখা যায়, সেই বিষয়ে এতিয়াও নিশ্চিত বৈজ্ঞানিক ব্যাখ্যা নাই। অৱশ্যে, ডঃ পঙ্কজ বৰা আৰু ডঃ চিন্ময়ী বৰুৱাৰ পূৰ্বৱৰ্তী গৱেষণাত অসমৰ ৰোগীসকলৰ পিত্তাশয়ৰ পাথৰত আৰ্ছেনিক আৰু আন বিষাক্ত মৌলৰ উপস্থিতি ধৰা পৰিছিল, যিয়ে এই ৰোগৰ সম্ভাৱ্য কাৰণ সম্পৰ্কে নতুন দিশ আগবঢ়াইছিল। তথাপিও, আণৱিক স্তৰত এই ৰোগক লৈ গভীৰ গৱেষণা এতিয়াও সীমিত।

ডঃ ভুবনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ অধ্যাপক ডঃ অনুপম শৰ্মাই কয়, “ৰোগ বিস্তাৰিত হোৱাৰ আগতেই বা প্ৰাৰম্ভিক পৰ্যায়তেই পিত্তাশয়ৰ কৰ্কটৰোগ চিনাক্ত কৰিব পাৰিলেহে ফলপ্ৰসূ চিকিৎসা বা প্ৰতিৰোধ সম্ভৱ হ’ব।” বৰ্তমান এই ৰোগ চিনাক্তকৰণৰ বাবে প্ৰধানকৈ আল্ট্ৰাছ’ন’গ্ৰাফী আৰু চি-টি স্কেনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়, যিবোৰ ব্যয়বহুল। ইয়াৰ বিপৰীতে, যদি তেজৰ পৰীক্ষাৰে এই ৰোগ চিনাক্ত কৰিব পৰা যায়, তেন্তে কম সময় আৰু কম খৰছত বৃহৎ সংখ্যক লোকক স্ক্ৰিনিং কৰা সম্ভৱ হ’ব।

গৱেষণাটোৰ মুখ্য সমন্বয়ক ডঃ পঙ্কজ বৰাই কয়, “তেজ-আধাৰিত পৰীক্ষাবোৰ সহজ, তুলনামূলকভাৱে কম খৰছী আৰু দ্ৰুতগতিত বৃহৎ জনসংখ্যাৰ মাজত ৰোগ চিনাক্তকৰণত বিশেষ সহায়ক।” উত্তৰ-পূব ভাৰতৰ পৰা কৰা এই প্ৰথমটো পাইলট অধ্যয়নটোত তিনিটা ভিন্ন গোটৰ ৰোগীৰ তেজৰ নমুনা আধুনিক মেটাব’ল’মিক্স আৰু কম্পিউটাৰ-ভিত্তিক বিশ্লেষণ পদ্ধতিৰে পৰীক্ষা কৰা হয়।

এই গোটসমূহ আছিল— পাথৰ নথকা পিত্তাশয়ৰ কৰ্কটৰোগী, পাথৰসহ পিত্তাশয়ৰ কৰ্কটৰোগী আৰু পাথৰ থকা কিন্তু কৰ্কটৰোগ নথকা ব্যক্তি। গৱেষণাত বহু সংখ্যক পৰিবৰ্তিত মেটাব’লাইট চিনাক্ত কৰা হয় আৰু প্ৰতিটো ৰোগ প্ৰকাৰৰ বাবে উচ্চ নিৰ্ভুলতা থকা বায়’মাৰ্কাৰ পেনেল নিৰ্ধাৰণ কৰা হয়। এই বায়’মাৰ্কাৰসমূহে ভৱিষ্যতে পিত্তাশয়ৰ কৰ্কটৰোগৰ বাবে সহজলভ্য আৰু কম খৰছী তেজ-আধাৰিত পৰীক্ষা বিকাশত সহায়ক হ’ব বুলি আশা কৰা হৈছে।

এই গৱেষণা আন্তঃবিভাগীয় আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ জৰিয়তে সম্পন্ন কৰা হয়। ইয়াত অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়; ডঃ ভুবনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠান, গুৱাহাটী, স্বাগত চুপাৰ-স্পেচিয়েলিটি হস্পিটেল, গুৱাহাটী, আমেৰিকাৰ University of Illinois, Urbana–Champaign; আৰু CSIR–Indian Institute of Toxicology Research, লক্ষ্ণৌৰ বিজ্ঞানীসকলে সহযোগিতা আগবঢ়ায়।

গৱেষণাৰ ব্যৱহাৰিক দিশ সন্দৰ্ভত মন্তব্য কৰি অসম মেডিকেল কলেজৰ পেথ’ল’জিষ্ট ডঃ গায়ত্ৰী গগৈয়ে কয়- “প্ৰচলিত হিষ্ট’পেথ’ল’জী পদ্ধতিৰ সৈতে এনে আণৱিক-ভিত্তিক পৰিপূৰক পদ্ধতিয়ে গৱেষণাগাৰ আৰু চিকিৎসালয়ৰ মাজৰ ব্যৱধান হ্ৰাস কৰি জটিল ৰোগৰ দ্ৰুত আৰু নিৰ্ভুল চিনাক্তকৰণত সহায় কৰিব।”

ৰ’ব’টিক শল্য চিকিৎসাৰ বিশেষজ্ঞ অধ্যাপক ডঃ সুভাষ খান্নাই কয়- “এনে গৱেষণাই পিত্তাশয়ৰ কৰ্কটৰোগ আগতীয়াকৈ চিনাক্ত কৰাৰ লগতে ৰোগৰ আণৱিক শ্ৰেণীবিভাজন সহজ কৰি সময়মতে সঠিক চিকিৎসা সিদ্ধান্ত লোৱাত চিকিৎসকসকলক সহায় কৰিব।” তথাপিও, এই গৱেষণাৰ ফলাফলসমূহ চিকিৎসালয়ত ব্যৱহাৰৰ পূৰ্বে বিভিন্ন ভৌগোলিক অঞ্চলৰ অধিক সংখ্যক ৰোগীৰ তেজৰ নমুনাত পৰীক্ষা কৰা প্ৰয়োজন বুলি ডঃ পঙ্কজ বৰাই উল্লেখ কৰে।

সেই উদ্দেশ্যে দেশৰ আন চিকিৎসালয়সমূহৰ সৈতে সহযোগিতাৰে পৰৱৰ্তী পৰ্যায়ৰ গৱেষণা চলি আছে বুলিও তেওঁ জানিবলৈ দিয়ে। উল্লেখযোগ্য যে, এই গৱেষণাৰ ফলাফলসমূহ আমেৰিকান কেমিকেল ছ’চাইটিৰ প্ৰতিষ্ঠিত গৱেষণা পত্ৰিকা Journal of Proteome Research-ৰ শেহতীয়া সংখ্যাত প্ৰকাশিত হৈছে।

তেজপুৰ বিশ্ববিদ্যালয়