কেৱল জুবিন গাৰ্গৰে নহয়, নম্ৰতা বৰাৰ মৃত্যুৰ ঘটনাৰ সৈতেও জড়িত সিদ্ধাৰ্থ শৰ্মা...

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰে অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ আন এক কু-কাণ্ড পোহৰলৈ আহিছে। তেওঁৰ এই শেহতীয়া কু-কাণ্ডৰ খবৰ পোহৰলৈ অহাৰ পাছতে এতিয়া সচেতন মহলত চৰ্চিত হৈছে। 

author-image
Asomiya Pratidin
New Update
new ap web 4 (10)

ডিজিটেল ডেস্ক : জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰে অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ আন এক কু-কাণ্ড পোহৰলৈ আহিছে। তেওঁৰ এই শেহতীয়া কু-কাণ্ডৰ খবৰ পোহৰলৈ অহাৰ পাছতে এতিয়া সচেতন মহলত চৰ্চিত হৈছে। 

ঘটনাৰ বিৱৰণী অনুসৰি গোলাঘাটৰ নম্ৰতা বৰাৰ মৃত্যুৰ ঘটনাৰে নাম সাঙোৰ খাইছে জুবিন গাৰ্গৰ মেনেজাৰ তথা অন্যতম অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ নাম। এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, ৪ জুন ২০২৫ৰ পুৱতি নিশা মেঘালয়ৰ ৰি-ভয় জিলাৰ চাংবাংলা অঞ্চলত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছিল । 

এই দুৰ্ঘটনাত গোলাঘাটৰ কমাৰগাঁৱৰ ২৫ বছৰীয়া নম্ৰতা বৰাৰ মৃত্যু হৈছিল। তাৰোপৰি এই ঘটনাত আন ৫ গৰাকী লোক আহত হৈছিল । 

পোহৰলৈ অহা খবৰ অনুসৰি, নম্ৰতাৰ মৃত্যুৰ ঘটনাৰে নাম সাঙোৰ খোৱা অভিযুক্তক হেনো ৰক্ষণাবেক্ষণ দিছিল জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থই। তাৰোপৰি নংপো থানাত ঘটনাটো গাপ দিয়াৰ প্ৰয়াস কৰিছিল সিদ্ধাৰ্থ শৰ্মাই। 

উল্লেখযোগ্য যে, নম্ৰতাৰ মৃত্যুৰ ঘটনাৰে অভিযুক্ত মৃগাংকহঁতৰ বন্ধু আছিল সিদ্ধাৰ্থ শৰ্মা। সেই সময়ত নংপো থানাত তোলা এখন ফটো পোহৰলৈ অহাৰ পাছতে সিদ্ধাৰ্থৰ এই কু-কীৰ্তি ৰাজহুৱা হৈছে।

জুবিন গাৰ্গ