ছি'কল চেল ৰোগীলৈ ছ'ছাইটি অৱ ফিটেল মেডিচিনৰ নৰ্থ ইষ্ট চেপ্টাৰৰ সহায়ৰ হাত...

ছ'ছাইটি অৱ ফিটেল মেডিচিনৰ নৰ্থ ইষ্ট চেপ্টাৰৰ সভাপতি ডা০ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য আৰু সম্পাদক ডা০ জিনা বৰদলৈয়ে কয় যে এই ৰোগত আক্ৰান্ত সকলক সহায় কৰিবলৈ ছ'ছাইটিয়ে আগবাঢ়ি আহিছে ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,গুৱাহাটী: প্ৰতি বছৰে ১৯ জুনত পালন কৰা হয় বিশ্ব ছি'কল চেল দিৱস। ছি'কল চেল ৰোগৰ বিষয়ে ৰাইজক সজাগ আৰু সু-চিকিৎসাৰ লগতে আক্ৰান্তক উপযুক্ত যতনেৰে সহায় কৰিবলৈ আহ্বান জনাই এই দিৱসৰ আয়োজন কৰা হয়।

Advertisment

আজি এক বিবৃতিত ছ'ছাইটি অৱ ফিটেল মেডিচিনৰ নৰ্থ ইষ্ট চেপ্টাৰৰ সভাপতি ডা০ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য আৰু সম্পাদক ডা০ জিনা বৰদলৈয়ে কয় যে এই ৰোগত আক্ৰান্ত সকলক সহায় কৰিবলৈ ছ'ছাইটিয়ে আগবাঢ়ি আহিছে । ২০২৫ চনৰ শ্লোগান হৈছে "গ্ল'বেল একচন, লোকেল ইমপেক্ট: এম্পাৱাৰিং কমিউনিটিজ ফৰ ইফেক্টিভ চেল্ফ-এডভোকেচি।"

ভাৰতত ২০ নিযুত লোক ছি'কল চেল ৰোগত আক্ৰান্ত। পিতৃ- মাতৃ দুয়োগৰাকী যদি এই ৰোগৰ বাহক তেন্তে সন্তানৰ হোৱাৰ ২৫ % বেছি আশংকা থাকে। সেয়েহে যিসকলে এই ৰোগৰ সৈতে সহাৱস্থান কৰি আছে সেইবিষয়ে যথাসম্ভৱ সচেতনতাৰ লগতে সহায়- সহযোগিতা আৰু বুজনি দিয়াটো গুৰুতত্বপূৰ্ণ বিষয়।

যেতিয়া পিতৃ- মাতৃ  দুয়োগৰাকীয়ে ছি'কল চেল বৈশিষ্ট্যৰ বাহক হয়, তেতিয়া চাৰিটি শিশুটিৰ ভিতৰত এটি শিশুৰ ছি'কল চেল ৰোগ হোৱাৰ সম্ভাৱনা থাকে। কিন্তু আধুনিক ভ্ৰুণ চিকিৎসাই আমাক পছন্দৰ সুবিধা প্ৰদান কৰিছে। প্ৰসৱৰ পূৰ্বে নিদান(মেডিচিন)ৰ জৰিয়তে আমি গৰ্ভাৱস্থাৰ ১১-১৩ সপ্তাহৰ ভিতৰতে জানিব পাৰো, শিশুটি আক্ৰান্ত হয় নে নহয়।

তেওঁৰ পিতৃ-মাতৃয়ে এই বিষয়ে জ্ঞাত হ'লে সিদ্ধান্ত লোৱা আৰু যত্নৰ বাবে প্ৰস্তুতি চলোৱাত সহায় কৰে।ছিকল চেল এনিমিয়া এবিধ বিশেষ  ধৰণৰ হিমগ্লোবিনৰ বাবে হোৱা ৰোগ। এই অস্বাভাৱিক হিমগ্লোবিন বিধক কোৱা হয়  হিমগ্লোবিন S( HbS)। এই HbS অক্সিজেনৰ অভাৱৰ বাবে সংবেদনশীল। যেতিয়া লোহিত ৰক্ত কণিকাই ইয়াৰ কলাত এৰি দিয়ে তেতিয়া সেই কোষৰ ভিতৰত অক্সিজেনৰ ঘনত্ব হ্ৰাস পোৱাত HbS ৰক্ত কণিকাৰ ভিতৰত চিকলৰ দৰে আকাৰ লয়।

এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ বিভিন্ন ধৰণৰ ঔষধ যেনে ফ'লিক এচিড, হাইড্ৰোস্কৰীয়া আদিৰে ৰোগবিধ জটিল ৰূপ ধাৰণ কৰাৰ গতি হ্ৰাস কৰিব পাৰি। সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ সময়মতে প্ৰতিষেধক আৰু বিষ নিবাৰক প্ৰয়োগ কৰা হয়। ৰক্তহীনতাৰ পৰা উপশম পাবলৈ ৰক্ত সংৰচন কৰা হয়। কিছুমান বিশেষ ৰোগীৰ ক্ষেত্ৰত  অস্থি মজ্জা সংৰোপণ কৰা হয়।

নৱজাতকৰ পৰীক্ষা কৰিও ছিকল চেল ৰোগৰ বিষয়ে প্ৰথম অৱস্থাতে জানিব পাৰি। যিবোৰ পৰিয়ালত এই ৰোগত আক্ৰান্ত শিশু আছে তেনে ক্ষেত্ৰত জেনেটিক কাউন্চেলিং অতিকৈ প্ৰয়োজন। কাৰণ এই কাউন্চেলিং কৰি ৰোগবিধৰ জটিলতা আৰু শেহতীয়া অৱস্থা সম্পৰ্কে জানিব পাৰি।

সজাগতা অভিযানৰ জৰিয়তে মানুহক জেনেটিক পৰীক্ষা আৰু চিকিৎসাৰ গুৰুত্ব সম্পৰ্কে অৱগত কৰিব পাৰি। প্ৰথম অৱস্থাত এই ৰোগৰ বিষয়ে নিশ্চিত হ'ব পৰিলে চিকিৎসা আৰু ইয়াক নিয়ন্ত্ৰণ কৰাত উজু হয়। এই ৰোগত আক্ৰান্ত বহুতো লোকে উপযুক্ত চিকিৎসা আৰু ঔষধৰ পৰা বঞ্চিত হৈ আহিছে। 

ছিকল চেল ৰোগত আক্ৰান্ত লোকৰ মানসিক আৰু অৰ্থনৈতিক দিশ সম্পৰ্কেও আলোচনা হোৱা উচিত। সজাগতাৰ জৰিয়তে এনে ৰোগীক সহযোগ আৰু উপযুক্ত  চিকিৎসা আগবঢ়োৱাটো সম্ভৱ। আমি ফিটেল মেডিচিন বিশেষজ্ঞ হিচাপে গৰ্ভৱতী মহিলাই গৰ্ভধাৰণৰ সময়ত অথবা গৰ্ভধাৰণৰ পূৰ্বে হিমগ্লবিনোপেথীৰ পৰীক্ষাৰ বাবে পৰামৰ্শ আগবঢ়াইছো।

যদিহে দম্পতি এই ৰোগৰ বাহক বুলি নিশ্চিত হয় তেতিয়া শিশুটি আক্ৰান্ত হোৱাৰ বিষয়ে নিশ্চিত হ'বলৈ একেধৰণৰ পৰীক্ষাৰ দৰকাৰ। এই ৰোগৰ বাহক পিতৃ - মাতৃৰ সন্তানৰ ৰোগবিধ আছে নে নাই সেই বিষয়ে নিশ্চিত হ'বলৈ প্ৰাক- প্ৰসূতি সময়ত পৰীক্ষা কৰিব লাগিব। যিবোৰ অঞ্চলত অথবা পৰিয়ালত এই ৰোগ আছে তেনেক্ষেত্ৰত বিয়াৰ পূৰ্বে এই ৰোগৰ পৰীক্ষা কৰা উচিত।

বিশ্ব ছি'কল চেল দিৱস