/asomiyapratidin/media/media_files/2025/12/18/new-ap-web-2-28-2025-12-18-12-22-37.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰ জিলাৰ ভটিয়াপাৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ঘন কূুঁৱলীৰ বাবে পুৱতি নিশা সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাত থিতাতে নিহত হয় এটা পৰিয়ালৰ দুজন সদস্যৰ ৷ আনহাতে, কথমপি প্ৰাণ ৰক্ষা পৰে এটি দেৱশিশুৰ ৷
পথৰ কাষত ৰখাই থোৱা এখন ডাম্পাৰত এএছ০৪-এজে-৩৮৬৩ নম্বৰৰ হোণ্ডাই এস্কট্ৰাৰাৰে প্ৰচণ্ড জোৰত খুন্দা মৰাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হয় ৷ এই ভয়াৱহ পথ দুৰ্ঘটনাটোত থিতাতে নিহত হয় স্বামী বিপুল হাতীমূৰীয়া ( ৫২) আৰু স্ত্ৰী নমিতা শইকীয়া হাতীমূৰীয়া ( ৩৫) ৷ দুৰ্ভগীয়া পৰিয়ালটো শিৱসাগৰৰ বেতবাৰী বাকচু খেলুৱাৰ নিবাসী ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/18/whatsapp-2025-12-18-12-32-42.jpeg)
জানিব পৰা মতে, নলবাৰীত আত্মীয়ৰ সকামৰ পৰা উভতি অহাৰ পথতেই সংঘটিত হয় এই দুৰ্ঘটনা ৷ বেতবাৰীৰ মৌবন নামৰ বেকাৰীখনৰ স্বত্বাধিকাৰী আছিল বিপুল হাতীমূৰীয়া ৷ দুৰ্ঘটনাৰ ফলত ঘটনাস্থলীতেই বিপুল হাতীমূৰীয়া নিহত হয় ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/18/whatsapp-image-2025-12-18-12-33-08.jpeg)
আনহাতে, আহত নমিতা হাতীমূৰীয়াক নিকটৱৰ্তী শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসকে তেওঁক ডিব্ৰুগড়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে ৷ ডিব্ৰুগড়লৈ নিয়াৰ সময়ত চেপনতেই কিছু সময়ৰ পূৰ্বে মৃত্যু হয় নমিতা হাতীমূৰীয়াৰ ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/18/whatsapp-image-2025-12-18-12-33-32.jpeg)
ইফালে, সৌভাগ্যবশত মাতৃৰ কোলাত সোমাই থকাৰ বাবে দেৱ শিশু ৰিয়াঞ্চ হাতীমূৰীয়াৰ প্ৰাণ ৰক্ষা পৰে। দুৰ্ঘটনাটোত হাতীমূৰীয়া দম্পত্তি উঠি অহা বাহন খনৰ চালক অৰুণ শীল গুৰুত্বৰভাৱে আহত হৈছে ৷ এই ঘটনাই সমগ্ৰ শিৱসাগৰ জিলাখনতেই গভীৰ শোকৰ ছাঁ পেলাইছে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us