দুদিনৰ ভিতৰত আত্মসমৰ্পণ কৰিব লাগিব শ্যামকানুৱেঃ মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশনা দিছে অসম আৰক্ষীক। মঙলবাৰে ছিংগাপুৰলৈ ৰাওনা হব আৰক্ষীৰ দলটো। আনহাতে সিদ্ধাৰ্থ শৰ্মাই দিল্লীৰ পৰা পলাই কোনখন ৰাজ্যত আশ্ৰয় লৈছে তাৰো তথ্য চৰকাৰে লাভ কৰা বুলি উল্লেখ কৰিছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,গুৱাহাটীঃ   শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে নামৰ সাঙুৰ খোৱা নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তক ছিংগাপুৰতে গ্ৰেপ্তাৰ কৰা হ'ব। দুদিনৰ ভিতৰত আত্মসমৰ্পণ নকৰিলে ছিংগাপুৰতে গ্ৰেপ্তাৰ কৰিব শ্যামকানু মহন্তক।

প্ৰাপ্ত তথ্য অনুসৰি, মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশনা দিছে অসম আৰক্ষীক। মঙলবাৰে ছিংগাপুৰলৈ ৰাওনা হব আৰক্ষীৰ দলটো। আনহাতে সিদ্ধাৰ্থ শৰ্মাই দিল্লীৰ পৰা পলাই কোনখন ৰাজ্যত আশ্ৰয় লৈছে তাৰো তথ্য চৰকাৰে লাভ কৰা বুলি উল্লেখ কৰিছে। সিদ্ধাৰ্থৰ বাবেও অসম আৰক্ষীয়ে দুটা দিনৰ সময় বান্ধি দিছে। 

ইপিনে, অজয় ফুকন আৰু ভিক্টৰ দাসৰ বিৰুদ্ধে NSA অৰ্থাৎ ৰাষ্ট্ৰীয় নিৰাপত্তা আইন প্ৰয়োগ কৰা হৈছে। উল্লেখ্য যে, জুবিনৰ মৃত্যুৰ ন্যায় বিচৰাৰ নামত কোনেও যাতে উত্তেজনামূলক পৰিৱেশৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।

শ্যামকানু মহন্ত