ঘৰুৱা খাদ্য লাগে শ্যামকানুকঃ পত্নীয়ে ৰান্ধি অনা খাদ্য নিবলৈ নিদিলে চিআইডিয়ে

চি আই ডিৰ জিম্মাত থকা শ্যামকানু মহন্তই বিচাৰিছে ঘৰুৱা খাদ্য। ১ অক্টোবৰত চি আই ডিয়ে নিজৰ জিম্মাত লোৱা শ্যামকানু মহন্তক আৰক্ষীয়েই খাদ্যৰ যোগান ধৰিছে যদিও সেই খাদ্যৰ সোৱাদ পোৱা নাই মহন্তই।

author-image
Asomiya Pratidin
New Update
web ap kanu

ডিজিটেল ডেস্কঃ চি আই ডিৰ জিম্মাত থকা শ্যামকানু মহন্তই বিচাৰিছে ঘৰুৱা খাদ্য। ১ অক্টোবৰত চি আই ডিয়ে নিজৰ জিম্মাত লোৱা শ্যামকানু মহন্তক আৰক্ষীয়েই খাদ্যৰ যোগান ধৰিছে যদিও সেই খাদ্যৰ সোৱাদ পোৱা নাই মহন্তই।

বুধবাৰে নিশা তেওঁলৈ বুলি পত্নী অনিতা ডেকা মহন্তই খাদ্য আৰু কাপোৰকে ধৰি অন্যান্য সামগ্ৰী লৈ চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হৈছিল যদিও সেই খাদ্য শ্যামকানুক খাবলৈ দিয়া হোৱা নাছিল। বৰঞ্চ আৰক্ষীয়ে যোগান ধৰা খাদ্যহে শ্যামকানু আৰু সিদ্ধাৰ্থক খাবলৈ দিয়া হৈছিল।

বৃহস্পতিবাৰেও শ্যামকানুৰ পত্নীয়ে ঘৰতেই খাদ্য প্ৰস্তুত কৰি চি আই ডিৰ কাৰ্যালয়লৈ লৈ গৈছিল যদিও চি আই ডিৰ কাৰ্যালয়ৰ ভিতৰলৈ সেই খাদ্য লৈ যোৱাত সুৰক্ষা কৰ্মীয়ে বাধা প্ৰদান কৰে। তেওঁক জনাই দিয়ে সেই খাদ্য লৈ যোৱাত অনুমতি নাই। ফলত আৰক্ষীয়ে ৰন্ধা খাদ্যই খাবলগীয়া হৈছে শ্যামকানুৱে।

অৱশ্যে আজি শ্যামকানুৰ বাবে লৈ অনা কাপোৰ অনিতা ডেকা মহন্তক চি আই ডিৰ কাৰ্যালয়ৰ ভিতৰলৈ লৈ যাবলৈ দিয়া হৈছে। উল্লেখ্য যে, শ্যামকানু আৰু সিদ্ধাৰ্থৰ বিৰুদ্ধে ৰুজু হোৱা ১৮/২০২৫ নম্বৰৰ গোচৰৰ সৈতে আজি নতুনকৈ ভাৰতীয় ন্যায় সংহিতাৰ ১০৩ ধাৰা সন্নিবিষ্ট কৰা হৈছে।

হত্যাকাণ্ডৰ ক্ষেত্ৰত এই ধাৰা আৰোপ কৰা হয়। ইফালে ছিংগাপুৰৰ পৰাও আহি পাইছে জুবিনৰ মৃত্যুৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন। জি এম চি এইছত সম্পন্ন হোৱা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনো আছে চৰকাৰৰ হাততেই।

এনে পৰিস্থিতিত নতুনকৈ শ্যামকানু আৰু সিদ্ধাৰ্থৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ সৈতে হত্যাৰ ধাৰা আৰোপ হোৱা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।

শ্যামকানু মহন্ত