আৰক্ষীৰ বৃহৎ দল লৈ শ্যামকানুৰ ঘৰত এছ আই টিৰ অভিযান...

শ্যামকানু মহন্তৰ ঘৰত চি আই ডিৰ দল। গীতানগৰৰ কাৰ্বি পথত আছে শ্যামকানু মহন্তৰ বাসগৃহ। আৰক্ষীৰ এটা বৃহৎ দল লৈ এছ আই টিয়ে প্ৰৱেশ কৰিছে শ্যামকানু মহন্তৰ বাসগৃহত

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-09-25 at 12.57.26 PM
  • শ্যামকানু মহন্তৰ ঘৰত চি আই ডিৰ দল। 
  • গীতানগৰৰ কাৰ্বি পথত আছে শ্যামকানু মহন্তৰ বাসগৃহ। 
  • আৰক্ষীৰ এটা বৃহৎ দল লৈ এছ আই টিয়ে প্ৰৱেশ কৰিছে শ্যামকানু মহন্তৰ বাসগৃহত।
  • দলটোৱে শ্যামকানু মহন্তৰ ঘৰত চলাব তালাচী। 
  • এছ আই টিৰ চীফ ইনভেষ্টিগেছন অফিচাৰ ৰ’জী কলিতাৰ নেতৃত্ব চলিছে এই অভিযান। 
  • আজি পুৱাৰে পৰা শ্যামকানু মহন্তৰ বাসগৃহৰ বাহিৰত আৰু কাৰ্বি পথত চি আৰ পি এফৰ উপস্থিতিত গঢ়ি তোলা হৈছিল কটকটীয়া নিৰাপত্তা ব্যৱস্থা। 
  • একাংশই দাবী কৰিছে বুধবাৰে নিশা শ্যামকানু মহন্ত গুৱাহাটীলৈ আহিছে। 
  • অৱশ্যে এই খবৰ কিমান সঠিক সেয়া এতিয়াও জানিব পৰা হোৱা নাই। 
  • ইফালে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজতে স্থানীয় মহিলাই আহি শ্যামকানু মহন্তৰ বাসগৃহৰ সন্মুখত তেওঁক গ্ৰেপ্তাৰ আৰু ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। 
জুবিন গাৰ্গ